অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

নতুন দিল্লীত আৰম্ভ P-20 শীৰ্ষ সন্মিলন, G-20ৰ অন্যতম সংসদীয় অধ্যক্ষৰ এই সন্মিলন

নতুন দিল্লীত আৰম্ভ P-20 শীৰ্ষ সন্মিলন

G-20ৰ অন্যতম সংসদীয় অধ্যক্ষৰ এই সন্মিলন

২৫দেশৰ প্ৰিজাইডিং বিষয়াসহ ১০সংসদীয় উপাধ্যক্ষৰ অংশ

খালিস্তানী বিবাদক লৈ অনুপস্থিত কানাডাৰ অধ্যক্ষ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদঘাটন কৰে সন্মিলনৰ

সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ হ’বলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

দুদিনীয়াকৈ অনুষ্ঠিত হৈছে P-20 শীৰ্ষ সন্মিলন

নতুন দিল্লীত নৱম P-20 শীৰ্ষ সন্মিলন আৰম্ভ। G-20 শীৰ্ষ সন্মিলনৰ অন্যতম সংসদীয় অধ্যক্ষৰ এই শীৰ্ষ সন্মিলন। এক পৃথিৱী, এক পৰিয়াল আৰু এক ভৱিষ্যতৰ লক্ষ্যত এই সংসদীয় অধ্যক্ষৰ শীৰ্ষ সন্মিলন উদঘাটন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিছে ২৫ ৰাষ্ট্ৰৰ প্ৰিজাইডিং বিষয়াসহ G-20 সদস্য দেশৰ ১০ সংসদীয় উপাধ্যক্ষই। উল্লেখ্য যে কানাডাত খালিস্তানী সন্ত্ৰাসবাদীৰ খোপনি আৰু ভাৰত–কানাডাৰ মাজত সৃষ্টি হোৱা বিবাদৰ পৰিপ্ৰেক্ষিতত সন্মিলনত অংশগ্ৰহণ কৰা নাই কানাডা সংসদৰ অধ্যক্ষ ৰেমণ্ড গেগ্নেই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলো দেশকে কঠোৰ হ’বলৈ আহ্বান জনায় সন্মিলনৰ উদ্বোধনী ভাষণত। সন্ত্ৰাসবাদৰ বিৰুদ্ধে সহমতত উপনীত হ’ব নোৱাৰাটো দুখজনক বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। বিশ্ব নেতৃত্ব সন্ত্ৰাসবাদৰ বিৰুদ্ধে একমতত আহিব নোৱাৰাৰ সুবিধা গ্ৰহণ কৰিছে মানৱতাবিৰোধী শক্তিসমূহে। সন্মিলনত উপস্থিত বিশ্ব নেতৃত্বক সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈ কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি তাৰ ওপৰত চিন্তা কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × three =

Back to top button