শ্ৰেণীবিহীন

প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ মৃত্যুৰ পাছত বিতৰ্কত সোমাই পৰিছে বিজেপি

বিতৰ্কলৈ আহিছে কল্যাণ সিঙক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ মৃত্যুৰ পাছত বিতৰ্কত সোমাই পৰিছে বিজেপি।

দীৰ্ঘদিন অসুস্থতাৰ অন্তত উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাম মন্দিৰ আন্দোলনৰ অন্যতম নেতা কল্যাণ সিঙে শনিবাৰে মৃত্যুক সাৱটি লয়।

মৃত্যুৰ পাছত প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বিভিন্নজন ৰাষ্ট্ৰীয় নেতৃ্ত্ব আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে।

কিন্তু শ্ৰদ্ধা জ্ঞাপনৰ মাজতে বিতৰ্কলৈ আহিছে কল্যাণ সিঙক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। প্ৰয়াত মুখ্যমন্ত্ৰী কল্যাণ সিঙক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈ বিজেপি নেতৃত্বই কল্যাণ সিঙৰ নস্বৰ দেহৰ ওপৰত তুলি দিলে দেশৰ জাতীয় পতাকা। ইমানলৈ সকলো ঠিকেই আছিল। কিন্তু ইয়াৰ পাছত বিজেপি নেতৃত্বই জাতীয় পতাকাৰ ওপৰত দি দিলে বিজেপিৰ পতাকা। ইয়াৰ পাছতে আৰম্ভ হ’ল বিতৰ্কৰ।

সামাজিক মাধ্যমৰ লগতে বিৰোধী ৰাজনৈতিক দলে বিজেপি নেতৃত্বৰ এই কাৰ্যক লৈ এতিয়া কৰিছে ব্যাপক সমালোচনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.