মনোৰঞ্জন

মাৰ যোৱা নাই শ্বাহৰুখ খান, দীপিকা পাডুকনৰ ‘পাঠান’ৰ বিতৰ্ক;’পাঠান’ৰ বিৰুদ্ধে ৭ খন ৰাজ্যত প্ৰতিবাদ

বহু লোকে গানটোক ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগ উত্থাপন কৰিছে। বহুতে গানটো আঁতৰাবলৈও দাবী জনাইছে

শ্বাহৰুখৰ বহু প্ৰতীক্ষিত ছবি ‘পাঠান’ক লৈ এতিয়া সৰ্বতে তীব্ৰ প্ৰতিক্ৰিয়া । চলচ্চিত্ৰখন মুক্তিৰ দিন অতি ওচৰ চাপি আহিছে। কিন্তু চলচ্চিত্ৰখনৰ বিতৰ্ক এতিয়াও বন্ধ হোৱা নাই। ১২ ডিচেম্বৰত মুক্তি দিয়া হয় ছবিখনৰ ‘বেচৰম ৰং’ গানটো। গানটোত দীপিকা পাডুকনক গেৰুৱা বিকিনি পিন্ধা দেখা গৈছে। তেতিয়াৰে পৰা শ্বাহৰুখ খান আৰু দীপিকাৰ এই গানটোক লৈ তীব্ৰ হুলস্থূল চলি আছে। বহু লোকে গানটোক ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগ উত্থাপন কৰিছে। বহুতে গানটো আঁতৰাবলৈও দাবী জনাইছে। খবৰ অনুসৰি ইউপি, ছত্তীশগড়, গুজৰাট, এমপি, বিহাৰ আৰু মহাৰাষ্ট্ৰকে ধৰি সাতখন ৰাজ্যত শ্বাহৰুখৰ এই গীতটোৰ তীব্ৰ বিৰোধিতা কৰা হৈছে। বিহাৰ, উত্তৰ প্ৰদেশত গানটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.