ভাৰতমনোৰঞ্জন

বিবাহস্থলীত দৰাক বুলডজাৰ উপহাৰ দিলে কোনে!

সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে উত্তৰ প্ৰদেশৰ এখন বিয়াই

সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে উত্তৰ প্ৰদেশৰ এখন বিয়াই। বিবাহস্থলীত দৰাক বিয়াৰ উপহাৰ হিচাপে বুলডজাৰ দিলে কোনে! তাকে লৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বিয়াখন। ভাইৰেল হৈছে বিয়াৰ ফটোও।

উল্লেখ্য যে, উত্তৰ প্ৰদেশত অনুষ্ঠিত এখন বিয়াত কইনাৰ পৰিয়ালৰ পৰা বিয়াৰ উপহাৰ হিচাপে দৰাক দিয়া হ’ল বুলডজাৰ। কইনাৰ পৰিয়ালৰ পৰা দৰাক দিয়া এই অনন্য উপহাৰে সামাজিক মাধ্যমত খলকলিৰ সৃষ্টি কৰিছে। ১৫ ডিচেম্বৰত উত্তৰ প্ৰদেশৰ হামিৰপুৰত অনুষ্ঠিত এই বিয়াখনত দৰা যোগেন্দ্ৰ প্ৰজাপতিক বিয়াৰ উপহাৰ হিচাপে বুলডজাৰ উপহাৰ দিয়ে কইনাৰ পৰিয়ালে।  বুলডজাৰখনৰ ফটো ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে য’ত দেখা গৈছে যে বুলডজাৰখন বেলুন আৰু মালাৰে সজাই তোলা হৈছে। ভাৰতীয় নৌসেনাত কৰ্মৰত দৰা যোগেন্দ্ৰক শহুৰেকে  ধন উপাৰ্জন কৰাত সহায় কৰিব বুলি দিয়ে এই উপহাৰ। দৰাজনে কয় যে, মোৰ শহুৰে বুলডজাৰ উপহাৰ দিছিল কাৰণ ই উপযোগী।

 

 

তাৎপৰ্যপূৰ্ণভাৱে, যোগী আদিত্যনাথ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা ৰাজ্যখনত বহুবাৰ অবৈধ দখল আৰু বেদখলৰ ক্ষেত্ৰত বুলডজাৰেৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবেই যোগী আদিত্যনাথ আৰু বুলডজাৰৰ আলোচনা চলি আছে। ইউ পি চৰকাৰৰ এই পদক্ষেপ বিজেপি শাসিত অন্যান্য ৰাজ্যতো অনুসৰণ কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − three =

Back to top button