দুৰ্ঘটনাভ্ৰমণ

উত্তৰাখণ্ডত অঘটনঃ বৰফে আৱৰা উত্তৰাখণ্ডত ট্ৰেকিং কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে ১১ জন লোকে…

উত্তৰকাশী জিলাৰ হৰশীলৰ পৰা ১১ অক্টোবৰত যাত্ৰা আৰম্ভ কৰা দলটোৱে লামখাগা পাছ অতিক্ৰম কৰি চিতকোলত উপস্থিত হোৱাৰ কথা আছিল।

প্ৰকৃতিৰ ৰম্যভূমি উত্তৰাখণ্ডত সন্ধানহীন পৰ্যটক। বৰফৰ বুকুত দিশ হেৰুৱাই আৱদ্ধ হৈ অৱশেষত প্ৰাণ হেৰুৱালে ১১ জন পৰ্যটকে।

প্ৰৱল হিমবাহৰ বাবে উত্তৰাখণ্ডৰ লামখাগা পাচত ১৮ অক্টোবৰৰ দিনা ১৭,০০০ ফুট উচ্চতাত আৱদ্ধ হৈ পৰিছিল ১৭ জন লোক। এই লোকসকলৰ মাজত পৰ্যটক, গাইডৰ লগতে আছিল সা-সামগ্ৰী কঢ়িয়াই নিয়া লোক। হিমবাহৰ বাবে মৃত্যুক সাৱটি লয় ১১ জন লোকে।

২০ অক্টোবৰত NDRF বাহিনী আৰু ভাৰতীয় বায়ু সেনাৰ দল লগ হৈ উদ্ধাৰ অভিযান চলায়।

বৃহস্পতিবাৰে উদ্ধাৰকাৰী বাহিনীয়ে উত্তৰকাশীত প্ৰত্যক্ষ কৰে ৫ জন Trekkerৰ মৃতদেহ। আনহাতে, দলটোৰ দুজন লোকৰ মৃতদেহ হিমাচল প্ৰদেশৰ পৰা উদ্ধাৰ কৰা হয়। শুকুৰবাৰে SDRF বাহিনীয়ে দুজন লোকক উদ্ধাৰ কৰাৰ বিপৰীতে পাঁচটা মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহকেইটা স্থানীয় আৰক্ষীক গতাই দিয়ে উদ্ধাৰকাৰী বাহিনীয়ে।

উল্লেখ্য যে, ট্ৰেকিঙৰ দলটোত আছিল দিল্লী আৰু পশ্চিম বংগৰ ৮ জন ট্ৰেকাৰ, তিনিজন ৰান্ধনী। উত্তৰকাশী জিলাৰ হৰশীলৰ পৰা ১১ অক্টোবৰত যাত্ৰা আৰম্ভ কৰা দলটোৱে লামখাগা পাছ অতিক্ৰম কৰি চিতকোলত উপস্থিত হোৱাৰ কথা আছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.