অসমআঞ্চলিকৰাজনৈতিক

উপ-নিৰ্বাচনত সমষ্টিয়ে সমষ্টিয়ে ৰাজনৈতিক নেতাৰ ভাগ্য পৰীক্ষা

ক'ভিড পৰিস্থিতিৰ বাবে পাঁচটা সমষ্টিৰ সকলো কেন্দ্ৰতে ক'ভিডৰ নীতি-নিৰ্দেশনা মানি ইতিমধ্যে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে । পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া সন্ধিয়া ৫ বজালৈ অনুষ্ঠিত হ'ব ।

ৰাজ্যত এতিয়া উপ-নিৰ্বাচনৰ বতাহ। ৰাজ্যৰ পাঁচটা সমষ্টিত ইতিমধ্যে আৰম্ভ হৈছে উপ-নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া । শনিবাৰে, পুৱা ৭ বজাৰ পৰা ৰাজ্যৰ পাঁচটা সমষ্টিত আৰম্ভ হ’ল ভোটদান।

৫ টা সমষ্টিৰ প্ৰায় ৮ লাখ ভোটাৰে নিৰ্ণয় কৰিব গোসাইগাঁও, ভবানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু থাওৰা সমষ্টিৰ মুঠ ৩১ জন প্ৰাৰ্থীৰ ভাগ্য।

ক’ভিড পৰিস্থিতিৰ বাবে পাঁচটা সমষ্টিৰ সকলো কেন্দ্ৰতে ক’ভিডৰ নীতি-নিৰ্দেশনা মানি ইতিমধ্যে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে । পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া সন্ধিয়া ৫ বজালৈ অনুষ্ঠিত হ’ব ।

২ নৱেম্বৰৰ দিনটোত স্পষ্ট হৈ পৰিব আগন্তুক পাঁচবছৰৰ বাবে কোনে ভোগ কৰিব ৰাজপট । এইবাৰ উপ-নিৰ্বাচনত ৰাজ্যৰ পাঁচটা সমষ্টিত জনসাধাৰণ কাৰ পক্ষত আছে সেয়া ২ নৱেম্বৰতহে সকলোৰে সন্মুখলৈ আহিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × one =

Back to top button