অসমদৈনিক বাতৰি

ভূমিকেন্দ্ৰীক সংঘাতৰ ভয়ংকৰ পৰিণতি, দিনদুপৰতে পেট্ৰল ঢালি জ্বলাই দিলে বাসগৃহ

ভূমিকেন্দ্ৰীক সংঘাতৰ ভয়ংকৰ পৰিণতি, দিনদুপৰতে পেট্ৰল ঢালি জ্বলাই দিলে বাসগৃহ

ভূমিকেন্দ্ৰীক সংঘাতৰ ভয়ংকৰ পৰিণতি৷ দিনদুপৰতে পেট্ৰল ঢালি জ্বলাই দিলে বাসগৃহ। চকুৰ সম্মুখতেই দাউদাউকৈ জ্বলি উঠিল এটা বাসগৃহ। কাছাৰৰ বৰখলা ৰামপুৰত সংঘটিত এই ঘটনা। ঘটনা অনুসৰি আলিম উদ্দিন নামৰ এগৰাকী ব্যক্তিৰ দীৰ্ঘদিন ধৰি প্ৰতিবেশী জমিৰ উদ্দিন নামৰ এগৰাকী ব্যক্তিৰ লগত চলি আছিল ভূমিকেন্দ্ৰীক সংঘাত।

মঙলবাৰে আলিম উদ্দিনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ জমিৰ উদ্দিনৰ পক্ষৰ একাংশ দুষ্কৃতিকাৰীয়ে পেট্ৰল ঢালি অগ্নিসংযোগ কৰি জ্বলাই দিলে বাসগৃহ। স্থানীয় লোকে জুই নিৰ্বাপনৰ চেষ্টা চলায় যদিও সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাসগৃহটো । সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.