Socialঅসমখেলপ্ৰযুক্তিবিজ্ঞান

আকাশৰ পৰা হঠাৎ সৰি পৰা এখন স্কাই প্লেন! হুৱা-দুৱা গাঁৱৰ লোকৰ

স্কাই প্লেন খনে আতংকৰ সৃষ্টি কৰে ৰাইজৰ মাজত

আকাশৰ পৰা হঠাৎ সৰি পৰা এখন স্কাই প্লেন। খোৱাঙত কৌতূহলৰ সৃষ্টি কৰে স্কাই প্লেনখনে।

খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত বাঘটলী পথাৰ গাঁ‌ৱত মঙলবাৰে সন্ধিয়া ৭-১৫ মান বজাত হঠাৎ আকাশৰ পৰা সৰি পৰে স্কাই প্লেন লিখা এখন সৰু হেলিকপ্তাৰ সদৃশ যন্ত্ৰ । যিটো যন্ত্ৰ চাবলৈ গাঁওখনৰ লোকসকলে হুৱা-দুৱা লগায়। পিছ মুহূৰ্তত খোৱাং আৰক্ষী এটা দলে যন্ত্ৰটো উদ্ধাৰ কৰি থানালৈ লৈ যায়।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি এয়া এক খেলা সামগ্ৰী আৰু ওচৰৰে কোনো লোকে উৰুৱাইছিল বুলি উল্লেখ কৰে। পিছত অৱশ্যে গৰাকীও ওলাল বুলি জানিব পৰা গৈছে।

সেয়া যিয়েই নহওক স্কাই প্লেন খনে বহু সময় ধৰি অঞ্চলটোৰ ৰাইজৰ মাজত এক আতংকৰ সৃষ্টি কৰে  ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.