আন্তঃৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয় সুৰক্ষা

হৃদয়বিদাৰক! অশান্ত আফগানিস্তানৰ কাবুল এয়াৰপ’ৰ্টত পিতৃ-মাতৃয়ে এৰি গ’ল নিজ সন্তানক

প্ৰাণ ৰক্ষাৰ তাড়নাত U.S. বিমানত উঠিবলৈ সাধাৰণ জনতাই হেতা-ওপৰা লগোৱা ভিডিঅ' ভাইৰেল হ'ল ছ'চিয়েল মিডিয়াত

অশান্ত আফগানিস্তান। তালিবানৰ কৱলত পৰি দিশহাৰা হৈ পৰিছে আফগানিস্তানৰ জনতা। দিনে-নিশাই অনিশ্চয়তাত দিন কটাইছে লোকসকলে। সকলোৰে মনত মাথো এটা চিন্তাই দোলা দি আছে-কেনেকৈ দেশ এৰি শান্তিৰে জীয়াই থাকিব পাৰি।
দেওবাৰে আফগানিস্তানৰ ৰাষ্ট্ৰপতি ভৱন দখল কৰি লয় তালিবানীয়ে।

সোমবাৰে, কাবুল এয়াৰপ’ৰ্টত দেখা গ’ল অগণন লোকৰ ভিৰ। প্ৰাণ ৰক্ষাৰ তাড়নাত U.S. বিমানত উঠিবলৈ সাধাৰণ জনতাই হেতা-ওপৰা লগোৱা ভিডিঅ’ ভাইৰেল হ’ল ছ’চিয়েল মিডিয়াত।

তালিবানৰ হিংসাত্মক আক্ৰমণ আৰু শাসনৰ পৰা হাত সৰাৰ চেষ্টা চলাইছে সকলোৱে। সেইসময়তে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ’। কাবুল এয়াৰপ’ৰ্টত ক্ৰন্দনৰত এটি অকলশৰীয়া কেঁচুৱা। দেশ এৰি যোৱা কোনো লোকে নিজ সন্তানক এইদৰে এৰি গৈছে বুলি সন্দেহ কৰিছে বহুতে।

তথ্য অনুসৰি, কাবুলৰ ৰাষ্ট্ৰপতি ভৱন দখল কৰাৰ পাছত তালিবানী নেতাসকলে পৰৱৰ্তী সময়ত দোহাত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰি আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.