আজি বিশ্ব অনাতাঁৰ দিৱস…
বিশ্বজুৰি দূৰদৰ্শন আৰু স্মাৰ্টফোনৰ আধিপত্য থকা স্বত্বেও, ৰেডিঅ’ই এতিয়াও সংগীতৰ মাধ্যম, ভ্ৰমণ সংগী হিচাপে এক সন্মানীয় স্থান দখল কৰি আছে।

এইয়া আকাশবাণী গুৱাহাটী…
এইয়া আকাশবাণী ডিব্ৰুগড়…
এই তিনিটা শব্দৰে আৰম্ভ হোৱা এটি অনুষ্ঠান, যাৰ সৈতে এটা প্ৰজন্ম ডাঙৰ হৈছে। যাৰ সৈতে বিজড়িত হৈ আছে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বহু স্মৃতি। মইনামেলৰ পৰা চেমনীয়া চʼৰালৈ, আইদেউৰ বুলনিৰ পৰা গীতিমালিকালৈ, যুৱ বাণীৰ পৰা আজিৰ পুৱালৈ প্ৰতিটো অনুষ্ঠানৰে আছে একো একোটা প্ৰজন্ম ডাঙৰ হৈছে। আজি সেই বিশেষ দিনটোৰ উদযাপনৰ দিন, আজি বিশ্ব অনাতাঁৰ দিৱস(World Radio Day)।
ৰেডিঅ’ হৈছে এক আৱেগ ! সমগ্ৰ বিশ্বৰে ই এক জনপ্ৰিয় প্ৰচাৰ মাধ্যম। যিসকল লোকে ৰেডিঅ’ৰ সৈতে শৈশৱ কৈশোৰ পাৰ কৰিছে, সেই লোকক আজিও নষ্টালজিক কৰি তোলে ৰেডিঅ’ৰ শব্দই। পূৰ্বতে ৰেডিঅ’ৰ প্ৰতিটো অনুষ্ঠানৰ বাবে বৰ আগ্ৰহেৰে বাট চাইছিল শ্ৰুতাসকলে।
উনবিংশ শতিকাৰ মাজভাগত সমগ্ৰ বিশ্বতে ৰেডিঅ’ সম্প্ৰচাৰ আৰম্ভ হৈছিল। শব্দ তৰংগ আৰু সংকেতৰ সহায়ত, বাৰ্তাবোৰ এক নিৰ্দিষ্ট বেণ্ডৱিথৰ ভিতৰত প্ৰেৰণ কৰা আৰম্ভ হয়। কিন্তু ভাৰতত ৰেডিঅ’ৰ আগমন বিংশ শতিকাৰ আৰম্ভণিৰ পৰা আৰম্ভ হয়। যদিও গণমাধ্যম এটা জনপ্ৰিয় মাধ্যম হ’বলৈ কেইবা বছৰ লাগিছিল।
১৯৭৪ চনৰ আজিৰ দিনটোতে জেনেভাত এখন ইন্টাৰনেছনেল ৰেডিঅ’ কনফাৰেন্স অনুষ্ঠিত হৈছিল।
প্ৰতি বছৰে ১৩ ফেব্ৰুৱাৰীত বিশ্ব ৰেডিঅ’ দিৱস উদযাপন কৰা হয়। ইউনেস্কোৰ দ্বাৰা প্ৰৱৰ্তিত বিশ্ব অনাতাঁৰ দিৱস পালনৰ অন্যতম উদ্দেশ্য হৈছে মানৱ সমাজত যোগাযোগ, জ্ঞান আহৰণ আৰু মনোৰঞ্জনৰ মাধ্যম ৰূপে ৰেডিঅ’ৰ শক্তি-প্ৰভাৱৰ বিষয়ে অনুধাৱনত জনসাধাৰণক সহায় কৰা।২০১১ চনত ইউনেস্কোৰ ৩৬ তম সন্মিলনৰ সময়ত আৰম্ভ কৰা হৈছিল বিশ্ব ৰেডিঅ’ দিৱস । এই দিনটো ৰাষ্ট্ৰসংঘৰ ৰেডিঅ’ স্থাপনৰ বাৰ্ষিকী হিচাপেও পালন কৰা হয়।
ইয়াৰ উপৰিও, ৰেডিঅ’ই জৰুৰী কালীন পৰিস্থিতিত তথ্যৰ এক নিৰ্ভৰযোগ্য উৎস হিচাপে কাম কৰে। ই জলবায়ু পৰিৱৰ্তনৰ দৰে গোলকীয় প্ৰত্যাহ্বানৰ মোকাবিলা কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিশেষকৈ গ্ৰাম্য অঞ্চলত ই শিক্ষা আৰু সজাগতা বৃদ্ধি কৰি সংস্কৃতিৰ মাজত আলোচনা আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰে।
আজিৰ তথ্য প্ৰযুক্তিৰ উত্তৰণৰ দিনত ৰেডি’অৰ প্ৰচলন হ্ৰাস পাইছে যদিও, হেৰাই যোৱা নাই ইয়াৰ মাদকতা। এতিয়াও বহুলোকে নিজৰ ঘৰত সযতনে ৰাখিছে ৰেডিঅ’। আজিও যোগাযোগৰ গুৰুত্বপূৰ্ণ মাধ্যম ৰেডিঅ’ বা অনাতাঁৰ হৈছে মানৱ ইতিহাসৰে এক অনন্য উপাদান।
বৰ্তমান অসমত মুঠ ৭ টা ৰেডিঅ’ কেন্দ্ৰ আছে । তাৰোপৰি বহুকেইটা আছে ৰেডিঅ’ ষ্টেচনো । এই ষ্টেচনসমূহে আকাশবাণী গুৱাহাটীত সম্প্ৰচাৰ হোৱা অনুষ্ঠানসমূহ লোৱাৰ উপৰিও তেওঁলোকে নিজাববীয়াকৈও অনুষ্ঠান প্ৰচাৰ কৰে।
ইণ্টাৰনেট ব্যৱস্থাই ঢুকি নোপোৱা বহু স্থানত এতিয়াও একমাত্ৰ যোগাযোগৰ মাধ্যম হিচাবে স্থান পাই আহিছে ৰেডিঅই ৷ তাৰ অন্যতম উদাহৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গভীৰ অৰণ্য ৷বৰ্তমান এনড্ৰইড মোবাইলৰ যুগতো ৰাষ্ট্ৰীয় উদ্যানখনৰ একাংশ বন শিবিৰত উপলব্ধ ৰেডিঅʼ ৷কাৰণ গভীৰ অৰণ্যৰ মাজত কোনো কোনো এলেকাত ডিজিটেল নেটৱৰ্কিং শূন্য ।সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে কিছু দিনৰ পূৰ্বে দিয়া ছেটেলাইট ফোনৰ ব্যৱস্থাও নাই প্ৰতিটো বনশিবিৰত ৷যাৰ বাবে কৰ্তব্যৰ খাতিৰত পৰিয়াল তথা জনসমাগমৰ পৰা বহু নিলগত দিনে নিশাই কৰ্তব্য পালন কৰি অহা একাংশ বনকৰ্মীয়ে দেশৰ খা-খবৰ বা মনৰ অৱসাদ দূৰ কৰিবলৈ সযতনে ৰাখিছে ৰেডিঅটো ৷ ৰেডিঅটোৰ মাজতে তেওঁলোকে বিচাৰি পাই মনৰ উদ্যম তথা মানসিক প্ৰশান্তি৷
