অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

আৰম্ভ হ’ল অসম জাতীয় পৰিষদৰ ‘এক অসম যাত্ৰা’…

আৰম্ভ হ’ল অসম জাতীয় পৰিষদৰ ‘এক অসম যাত্ৰা’।

ধুবুৰীৰ ঐতিহাসিক নেতাই ধুবুনী ঘাটৰ পৰা আজি এই যাত্ৰা আৰম্ভ কৰে অসম জাতীয় পৰিষদে।

দুৰ্নীতি, ভ্ৰষ্টাচাৰ, সাম্প্ৰদায়িকতা আদিৰ বিৰুদ্ধে জনমত গঠনৰ উদ্দেশ্যেৰে অসম জাতীয় পৰিষদে ধুবুৰীৰ পৰা শদিয়ালৈ কৰিব এই যাত্ৰা।

আজি যাত্ৰাৰ নেতৃত্ব দিয়ে দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।

যাত্ৰাকালত জাতীয় পৰিষদৰ দলটোৱে চিলাৰায়ৰ প্ৰতিমূৰ্তি, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি, শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্তি আৰু জননেতা শৰত চন্দ্ৰ সিংহৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰে।

দৰ্শন কৰে পাচপীড় দৰগাহো।

নেতা ধুবুনী ঘাটৰ পৰা পি কে ৰোডেৰে অগ্ৰসৰ হোৱা এই যাত্ৰা বিয়লি উপস্থিত হয় বিলাসীপাৰাত।

বিলাসীপাৰাৰ পৰা বেলতলী হৈ সন্ধিয়া উপস্থিত হয় কোকৰাঝাৰত। কাইলৈ জাতীয় পৰিষদৰ এই যাত্ৰা আৰম্ভ হ’ব চিৰাঙৰ পৰা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.