অসমজীৱনশৈলীস্বাস্থ্য

ডিগবৈ সাংবাদিক সন্থা, ভাৰতীয় সেনা আৰু ডিগবৈ মহাবিদ্যালয়ে একেলগে কৰিলে যোগাসন

বিশ্বৰ  বিভিন্ন  প্ৰান্তৰ  লগতে  ডিগবৈতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়

ডিগবৈ সাংবাদিক সন্থা, ভাৰতীয় সেনা আৰু ডিগবৈ মহাবিদ্যালয়ে একেলগে কৰিলে যোগাসন।

বিশ্বৰ  বিভিন্ন  প্ৰান্তৰ  লগতে  ডিগবৈতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। ডিগবৈস্থিত  ১৮ নং গাৰোৱাল  ৰাইফলচ, ডিগবৈ সাংবাদিক সন্থাৰ সাংবাদিকসকল আৰু ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ৰাষ্ট্ৰীয় সেৱা আচনিৰ (NSS) যুতীয়া উদ্যোগত ডিগবৈ ইণ্ডিয়া ক্লাব ইনড’ৰ ষ্টেডিয়ামত প্ৰায় এঘন্টা যোগাসন কৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়।

এই যোগ দিৱসত 18 নং গাৰোৱাল ৰাইফলচৰ কামাণ্ডিং অফিচাৰ চিংকে ধৰি কেইবাজনো ভাৰতীয় সেনাৰ বিষয়া, ডিগবৈ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক ৰাজীৱ ৰুদ্ৰ তাৰিয়াং আৰু ডিগবৈ সাংবাদিক সন্থাৰ সভাপতি সম্পাদক ক্ৰমে বিনন্দ কোঁৱৰ, ৰাজেশ উপাধ্যায়ৰ লগতে প্ৰায় ১০০ জন ব্যক্তিয়ে অংশ  গ্ৰহণ কৰে।

পেঙেৰী সেনা ছাউনীতো আজি পূৱা ৫ বজাৰ পৰা যোগাসন কৰা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.