জীৱনশৈলীশ্ৰেণীবিহীন

কেইগৰাকীমান নতুন প্ৰজন্মৰ প্ৰতিনিধিয়ে দেখুৱালে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন

ভূঁয়সী প্ৰশংসা ৰাইজৰ

কেইগৰাকীমান নতুন প্ৰজন্মৰ প্ৰতিনিধিয়ে দেখুৱালে মানৱতাৰ উৎকৃষ্ট নিদৰ্শনl

নিজৰ পাঁচ বছৰীয়া মৰমলগা সন্তানটোৰ সৈতে পদপথত বাস কৰিছিল এগৰাকী মানসিক ভাবে অসুস্থ মহিলাইl ৰ’দ বৰষুণৰ মাজতে এজোপা গছক আশ্ৰয় কৰি মুকলি আকাশৰ তলত বাস কৰিছিল দুৰ্ভগীয়া মাতৃ-পুত্ৰইl নলবাৰী জিলাৰ টিহু ডাকঘৰৰ সমীপত গছ এজোপাই আশ্ৰয় আছিল মাতৃ পুত্ৰৰ l ব্যস্ত সমাজৰ অলক্ষিতে ঘটি আছিল ঘটনাটোl

অৱশেষত এগৰাকী মহানুভৱ লোকৰ দৃষ্টিগোচৰ হ’ল মাতৃ পুত্ৰৰ দুৰ্বিষহ জীৱনl তেওঁ কেইখনমান ফটোসহ সকলো বিৱৰণ লিখিলে ফেচবুকতl ফেচবুকৰ পোষ্টটো দেখিলে সদ্য গঠিত “নক্ষত্ৰ ফাউণ্ডেচন”ৰ যুৱক-যুৱতী সকলেl

‘সহায়ৰ হাত, পোহৰৰ বাট’ মূলমন্ত্ৰ হিচাপে লৈ কেইদিনমান পূৰ্বে গোৱালপাৰা জিলাত গঠণ হোৱা “নক্ষত্ৰ ফাউণ্ডেচন” নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ যুৱক যুৱতী সকলে মাতৃ পুত্ৰ হালক বিচাৰি টিহু পালেl ফেচবুক পোষ্ট’ৰ আতধৰি মাতৃ পুত্ৰহালক বিচাৰি উলিয়াই নলবাৰী সমাজ কল্যাণ বিভাগৰ সহযোগত উদ্ধাৰ কৰেl অৱশেষত নলবাৰীৰ “আশ্ৰয়” নামৰ এটি এন জি অ’ৰ তত্বাবধানত পথৰ কাষত আলৈ-আথানি হৈ থকা মাতৃ পুত্ৰক নিৰাপত্তা আৰু আশ্ৰয় সুনিশ্চিত কৰেl অৱশ্যে মানসিক ভাবে অসুস্থ মহিলা গৰাকী স্ব-ইচ্ছাই যাব নিবিচৰাত আৰক্ষীৰ সহায় লৈ চিকিৎসালয়ত ভৰ্তি কৰাই স্বাস্থ্য পৰীক্ষা কৰাব লগীয়া হয়l

একাংশ প্ৰগতিশীল চিন্তা ধাৰাৰ যুৱক যুৱতীৰ দ্বাৰা গঠিত গোৱালপাৰাৰ “নক্ষত্ৰ ফাউণ্ডেচন”ৰ কাৰ্যক ভূঁয়সী প্ৰশংসা কৰিছে ৰাইজে I

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.