মনোৰঞ্জন

‘ময়ো অকণমান মদ খাম’। কণমানি ল’ৰাজনে কান্দি কান্দি দেউতাকক বিচাৰিলে মদ!

মদ বিচাৰি এটি শিশুৰ কান্দোন

‘ময়ো অকণমান মদ খাম’ কণমানি ল’ৰাজনে কান্দি কান্দি দেউতাকক বিচাৰিলে মদ! মানুহে ক’লে-নিউ জেনেৰেচন,তাৰ পাছত কি হ’ল চাওঁক ভাইৰেল ভিডিঅ’

কোৱা হয় যে, মদ্যপান কৰাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক। মদ্যপান কৰিলে লেহেমীয়া হয় মগজু লগতে বিঘ্নিত হয় ভাৰসাম্যও। তদুপৰি, মদ্যপানৰ প্ৰভাৱ পোনপটীয়াকৈ পৰে বৃক্কত, আৰু ডায়বেটিছ ৰোগ হোৱাৰো পূৰ্ণ সম্ভাৱনা। বিশেষকৈ শিশুৱে একেবাৰে মদ খোৱা উচিত নহয়। কিন্তু বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটি বিশেষ ভিডিঅ’। বিশেষ মানে হাস্যৰসেৰে পৰিপূৰ্ণ এটি ভিডিঅ’। য’ত এটি শিশুৱে মদৰ বাবে কান্দি থকা দেখা গৈছে।

 

 

ভিডিঅ’টিত দেখিবলৈ পাব যে শিশুটিয়ে কিদৰে কান্দি আছে। সেইখিনি সময়তে দেউতাকে পুত্ৰক সুধিছিল যে, ‘কি লাগে তোমাক?’ প্ৰশ্নৰ উত্তৰত শিশুটিয়ে কয়-‘মই অলপ মদ খাব বিচাৰোঁ’। তাৰ পিছত শিশুটিয়ে চিঞৰি চিঞৰি কান্দিবলৈ ধৰে। কান্দি থকা অৱস্থাত আকৌ এবাৰ-দুবাৰ দেউতাকক কৈছিল-‘মদ অলপ লাগে’। পিছে মদ খুজিলেই থিকেই, কিন্তু ভাইৰেল হ’ল ভিডিঅ’। ভিডিঅ’ দেখি সামাজিক মাধ্যমত বিভিন্নজনে দিলে ভিন্ন ধেমেলীয়াসূচক মন্তব্য। কোনোৱে ক’লে-‘সন্তানৰ সন্মুখত মদ খোৱাৰ ফল এয়াই’। আন কোনোৱে ক’লে ‘পিতৃ-মাতৃয়ে নিশ্চয় মদ খায় চাগে সেয়ে শিশুটিকো দিব’। আকৌ অন্য এজনে ক’লে, ঘৰত বয়োজ্যেষ্ঠসকলে মদ খালে সন্তানে কি শিকিব? ইত্যাদি ইত্যাদি ভিন্ন প্ৰতিক্ৰিয়াৰে ভৰি পৰিছে সামাজিক মাধ্যম।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.