Assamnationalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰত

প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসানত ৰাজ্যজুৰি শোকৰ ছাঁ…

প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসানত ৰাজ্যজুৰি শোকৰ ছাঁ...

প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসানত ৰাজ্যজুৰি শোকৰ ছাঁ। GMCHত নিশা ১.৩৬ মিনিটত মৃত্যু বৰ্ষীয়ান ৰাজনীতিকগৰাকীৰ। মৃত্যুৰ সময়ত বৰকটকীৰ বয়স আছিল ৮৮ বছৰ। ১৬ অক্টোবৰৰ পৰা GMCHত চিকিৎসাধীন হৈ আছিল শৰৎ বৰকটকী। ১৯৩৫চনত সোণাৰিৰ মথুৰাপুৰত জন্ম বৰকটকীৰ। শিক্ষকতাৰ পৰা ৰাজনীতিলৈ অহা বৰকটকীয়ে ১৯৯১ চনত সোণাৰি বিধানসভা সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হয়। ২০১৬ চনলৈকে প্ৰয়াত বৰকটকীয়ে সোণাৰি সমষ্টিক বিধানসভাত প্ৰতিনিধিত্ব কৰি আহিছিল।

২০০৬ চনত বৰকটকী ৰাজ্যিক পৰিকল্পনা ব’ৰ্ডৰ উপাধ্যক্ষৰ দৰে গুৰু দায়িত্ব পালন কৰিছিল। ১৯৯১ চনৰ পৰা ৯৬ চনলৈ হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত আছিল বৰকটকী। ২০০১ৰ পৰা ২০০৬ চনলৈ গড়কপ্টানী বিভাগৰ মন্ত্ৰী আছিল প্ৰয়াত নেতাগৰাকী। ২০১৫-১৬ চনত শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল প্ৰয়াত বৰকটকী। কংগ্ৰেছ দলৰো গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰয়াত বৰকটকীয়ে বহন কৰিছিল। সেৱা দলৰ অধ্যক্ষ পদৰ লগতে মৃত্যু পৰ্যন্ত কোষাধ্যক্ষ পদত আছিল বৰকটকী।

মৃত্যুৰ পূৰ্বে নেত্ৰদান কৰি যোৱা প্ৰয়াত নেতাগৰাকীৰ নশ্বৰ দেহ ৰাজীৱ ভৱনলৈ নিয়া হ’ব, য’ত দলীয় নেতা-কৰ্মীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সোণাৰিত সম্পন্ন হ’ব। ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য  সম্পন্ন কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে। GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাই জানিবলৈ দিয়া মতে, বৰকটকীৰ নেত্ৰদান প্ৰক্ৰিয়া সুকলমে পাৰ হৈছে। GMCH চৌহদত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পিছত নশ্নৰ দেহ প্ৰথমে উলুবাৰীৰ বাসভৱনলৈ, তাৰ পিছত ৰাজীৱ ভৱনলৈ নিয়া হ’ব। তাৰ পৰাই নেতাগৰাকীৰ শেষ যাত্ৰা আৰম্ভ হ’ব সোণাৰিৰ নিজৰ জন্মভূমি তথা কৰ্মভূমিলৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 3 =

Back to top button