Socialঅসমআঞ্চলিক

হেডফোনেই হ’ল কাল! ৰে’ল আলিত খোজ কাঢ়ি থাকোতে ৰে’লে কাটিলে দুজনক…

কাণত হেডফোন লগাই ৰে'ল আলিত খোজ কাঢ়ি থকা অৱস্থাতে ৰে'লে কাটি নিয়ে যুৱক দুজনক

দুজনকৈ অচিনাক্ত যুৱকৰ মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে জামুগুৰিহাটত। জামুগুৰিহাটৰ টৌভঙাত ৰে’লৰ আগত পৰি মৃত্যু দুজন যুৱকৰ৷

দেওবাৰে পুৱা উদ্ধাৰ হোৱা মৃতদেহ দুটা নিশা ৰে’লে কাটি নিয়াৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। টৌভঙাৰ ৰে’লৰ আলিত প্ৰায় এক কিলোমিটাৰ দূৰত্বৰ ব্যৱধানত দুজন যুৱকৰ ৰে’লে কাটি থৈ যোৱা মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে৷

মৃত যুৱক দুজনৰ ভিতৰত এজন নবিলৰ চিৰঞ্জীৱ মণ্ডল বুলি জানিব পৰা গৈছে যদিও আনজনক এই মূহুৰ্ত্বলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে কাণত হেডফোন লগাই ৰে’ল আলিত খোজ কাঢ়ি থকা অৱস্থাতে চিৰঞ্জীৱ মণ্ডলক নিশা ৰে’লে কাটি নিয়ে৷

সম্প্ৰতি দুয়োটা মৃতদেহ জামুগুৰিহাট আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰি ৰে’ল আৰক্ষীয়ে মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.