জীৱনশৈলীস্বাস্থ্য

আপোনাৰ দৈনন্দিন ৰুটিনত আজিয়ে সংযোজন কৰক এই তিনিটা কাম। গোটেই দিনটো ভালে যাব আপোনাৰ!

ৰাতিপুৱাৰ এই কাম কেইটাৰ জৰিয়তে আপুনি আপোনাৰ মানসিক স্বাস্থ্য উন্নত কৰিব পাৰে

আপোনাৰ দৈনন্দিন ৰুটিনত আজিয়ে সংযোজন কৰক এই তিনিটা কাম। গোটেই দিনটো ভালে যাব আপোনাৰ। ৰাতিপুৱাৰ এই তিনিটা প্ৰধান কামে কোনো চাপ অৰ্থাৎ প্ৰেছাৰ নোহোৱাকৈ আপোনাৰ দিনটো আৰম্ভ কৰাত সহায় কৰিব।

 

এটা ভাল আৰম্ভণিয়ে এক সুন্দৰ দিনৰ পথ প্ৰশস্ত কৰে। সেয়েহে এক সুসংগঠিত ৰুটিন থকাটো অত্যন্ত প্ৰয়োজনীয়। যিয়ে গোটেই দিনটো আপোনাক সুষ্ঠিৰ কৰি ৰাখিব পাৰে। ৰাতিপুৱাৰ এই কাম কেইটাৰ জৰিয়তে আপুনি আপোনাৰ মানসিক স্বাস্থ্য উন্নত কৰিব পাৰে। লগতে ই আপোনাক দিনটোত যিকোনো কামৰ সন্মুখীন হ’বলৈ উৎসাহিত কৰিব। সৰল কিন্তু কাৰ্যকৰী পৰিকল্পনাই আপোনাৰ শাৰীৰিক আৰু মানসিক দুয়োটা স্বাস্থ্যকে উপকৃত কৰিব পাৰে। ৰাতিপুৱাৰ ৰুটিনত ৰাতিপুৱাৰ আহাৰ আৰু কেইটামান ব্যায়াম অন্তৰ্ভুক্ত থাকে। ব্যক্তিগত আৰু পেছাদাৰী দুয়োধৰণে ৰাতিপুৱাৰ ৰুটিনৰ পৰা লাভান্বিত হ’ব পাৰে। সঠিক মানসিকতাই কৰ্মক্ষেত্ৰত আপোনাৰ উৎপাদনশীলতা আৰু আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰে। ই আপোনাক ঘৰত ইতিবাচক মনোভাৱ বজাই ৰখাত সহায় কৰিব পাৰে।

 

তলত উল্লেখ কৰা নিতৌ ৰাতিপুৱাৰ এই তিনিটা কামে আপোনাৰ দিনটো ভালে যোৱাত সহায় কৰিব:

১. বিভ্ৰান্তি অবিহনে সাৰ পাওক: ৰাতিপুৱাৰ ফোনৰ পৰা আঁতৰি থকাটো ভাল। যদি আপুনি আপোনাৰ ফোনটো এলাৰ্ম হিচাপে ব্যৱহাৰ কৰে তেন্তে সেই অভ্যাস সলনি কৰক। মোবাইলৰ পৰিবৰ্তে এলাৰ্ম ঘড়ী ব্যৱহাৰ কৰক।

২. ব্যায়াম আৰু যোগ কৰক: ৰাতিপুৱাৰ দৈনন্দিন ব্যায়ামে আপোনাৰ দিনটো সুস্থিৰ কৰাত সহায় কৰে। আপুনি শুই থাকোঁতে টান হোৱা যিকোনো পেশী ঢিলা কৰিব পাৰে। লগতে, পাঁচ মিনিটৰ যোগাসনে চাপ উপশম কৰাত সহায় কৰিব পাৰে, শিথিলতা প্ৰদান কৰিব পাৰে আৰু আপোনাৰ টোপনি উন্নত কৰিব পাৰে।

৩. ধ্যান: প্ৰত্যেক ৰাতিপুৱা কেইমিনিটমান ধ্যানে আপোনাৰ মন, শৰীৰ শান্ত কৰাত সহায় কৰিব পাৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.