অৰ্থনৈতিকঅসমআঞ্চলিক

ৰাজ্যবাসীলৈ সকাহ, বন্ধ নহয় পেট্ৰ’ল পাম্প…

দুদিনৰ বাবে পেট্ৰ'ল পাম্প বন্ধৰ ঘোষণা কৰা হৈছিল যদিও, কাৰ্যসূচী প্ৰত্যাহাৰ পেট্ৰ'ল-ডিজেল এছ’চিয়েছনৰ

বন্ধ নহয় পেট্ৰ’ল পাম্প। প্ৰত্যাহাৰ কৰা হ’ল পেট্ৰ’ল পাম্প বন্ধৰ কাৰ্যসূচী। দুদিনৰ বাবে পেট্ৰ’ল-ডিজেল এছ’চিয়েছনে পেট্ৰ’ল পাম্প বন্ধৰ ঘোষণা কৰাৰ পিছতেই চিন্তিত হৈ পৰিছিল ৰাজ্যবাসী।

বৃহস্পতিবাৰে, বিয়লি পেট্ৰ’ল-ডিজেল এছ’চিয়েছন আৰু তেল কোম্পানীৰ সৈতে বৈঠকত মিলিত হয় কামৰূপ মহানগৰৰ উপায়ুক্ত। মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়তে সম্পূৰ্ণ হয় এই বৈঠক।

বৈঠকৰ অন্তত বন্ধ প্ৰত্যাহাৰ কৰিলে পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েছনে। দুদিনীয়া বন্ধ প্ৰত্যাহাৰৰ ঘোষণা কৰিলে মহানগৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে।

উল্লেখ্য যে, পেট্ৰ’ল-ডিজেল এছ’চিয়েছনৰ দাবী সমাধানৰ আশ্বাস প্ৰশাসনৰ। পেট্ৰ’ল-ডিজেল এছ’চিয়েছনে উত্থাপন কৰা ১০টা দাবীৰ ভিতৰত কেইটামান দাবী মানি ল’বলৈ মান্তি হৈছে তেল কোম্পানী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.