leatest updateঅসমদৈনিক বাতৰি

ক্ৰমাৎ উন্নত হৈছে ৰাজ্যৰ বান পৰিস্থিতি! বৰ্তমানলৈকে চাৰিজন লোকৰ প্ৰাণ গৈছে বানত।

জিলা উপায়ুক্তলৈ ১০৫ কোটি টকা মুকলি ৰাজ্য চৰকাৰৰ

ক্ৰমাৎ উন্নত হৈছে ৰাজ্যৰ বান পৰিস্থিতি। বানত ৪ লাখ ৮৮ হাজাৰ ৫২৫ লোক আক্ৰান্ত হৈছে বানত। বৰ্তমানলৈকে বানত প্ৰাণ গৈছে ৪জনকৈ লোকৰ। শনিবাৰে নলবাৰীত বানত উটি গ’ল এজন। ১৯খন জিলাৰ ১,৫৩৮ খন গাঁও বানৰ কৱলত।
বজালীত ১৯১, ধুবুৰীত ৩০৯, নলবাৰীত ২৭৬,কামৰূপত ২০৫, দৰঙত ১৭৮, বঙাইগাঁৱত ১২৩,বাক্সাত ৪১, বৰপেটাত ৭৩, বিশ্বনাথত ৮,লখিমপুৰত ৫০, তামুলপুৰত ৪৪ গাঁও বানৰ কৱলত।

বৰ্তমানলৈকে বানত ভাগিছে ৪টা মথাউৰি। জিলা উপায়ুক্তলৈ ১০৫ কোটি টকা মুকলি ৰাজ্য চৰকাৰৰ । অহা বছৰলৈ ৪ জিলাত বান নিয়ন্ত্ৰণৰ বিশেষ কৰ্মসূচী। বিপদসীমাৰ ওপৰেৰে বৈছে ৫খনকৈ নৈৰ জলপৃষ্ঠ। সতৰ্কতামূলক সীমাৰ ওপৰেৰে বৈছে ৯খন নৈ। স্থাপন কৰা হৈছে ১৪০টা আশ্ৰয় শিবিৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.