Socialঅসমআঞ্চলিকদুৰ্ঘটনা

মহানগৰীত লুইতৰ বুকুত গা ধুবলৈ গৈ উটি গ’ল যুৱক

দেওবাৰে দুপৰীয়া সংঘটিত হয় এই ঘটনা। ইয়াৰ পিছতে উজান বজাৰ ঘাটত সৃষ্টি ব্যাপক চাঞ্চল্যৰ৷

মহানগৰীৰ ৰাজভৱনৰ সমীপত অঘটন। গা ধুবলৈ অহা ৫ যুৱকৰ ভিতৰত এগৰাকীৰ সলিল সমাধিৰ সন্দেহ। লুইতত গা ধুবলৈ গৈ উটি গ’ল এজন যুৱক৷ দেওবাৰে দুপৰীয়া সংঘটিত হয় এই ঘটনা। ইয়াৰ পিছতে উজান বজাৰ ঘাটত সৃষ্টি ব্যাপক চাঞ্চল্যৰ৷

বন্ধুৰ সৈতে গা ধুবলৈ আহি সন্ধানহীন যুৱকজন মহানগৰীৰ শিলপুখুৰীৰ ধীৰাজ ডেকা বুলি জানিব পৰা গৈছে। তেওঁ LCB মহাবিদ্যালয়ৰ ছাত্ৰ আছিল। ইফালে, ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে SDRF আৰু NDRF বাহিনীসহ উপস্থিত হৈ অভিযান চলাই যদিও যুৱকজনৰ কোনো সন্ধান পোৱা নাই।

আন্ধাৰ নামি অহা আৰু পানীৰ পৰিমাণ বাঢ়ি থকাৰ বাবে আজি SDRF বাহিনীয়ে অভিযান সামৰে। কাইলৈ পুৱা ৭বজাৰ পৰা পুনৰ ব্ৰহ্মপুত্ৰত অভিযান চলাব SDRF আৰু NDRF।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.