Socialঅপৰাধভাৰত

যৌনগন্ধী ভিডিঅ’ দেখুৱাই ৯ বছৰীয়া ছাত্ৰীক ধৰ্ষণ কৰিলে প্ৰধান শিক্ষকে…

শ্ৰেণীকোঠাৰ দুৱাৰ বন্ধ কৰি ৯ বছৰীয়া কণমানিজনীক উপৰ্যুপৰি ধৰ্ষণ কৰে লম্পট প্ৰধান শিক্ষকে

প্ৰধানশিক্ষকৰ কামনাৰ বলি এজনী ৯ বছৰীয়া কণমানি। উত্তৰপ্ৰদেশৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে অশ্লীল ভিডিঅ’ দেখুৱাই চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

সীতাপুৰৰ গন্ডলামাও ব্লকৰ এখন বিদ্যালয়ত সংঘটিত এই ঘৃণনীয় কাণ্ড। আনদিনাৰ দৰেই স্কুললৈ গৈছিল কণমানিজনী। লম্পট প্ৰধান শিক্ষকে স্কুলৰ এটা কোঠালৈ নি কণমানিজনীক জোৰ জবৰদস্তি দেখুৱায় অশ্লীল ভিডিঅ’। কণমানিজনীয়ে ভয়তে কন্দা-কটা কৰাত শ্ৰেণীকোঠাৰ দুৱাৰ বন্ধ কৰি ৯ বছৰীয়া কণমানিজনীক উপৰ্যুপৰি ধৰ্ষণ কৰে লম্পট প্ৰধান শিক্ষকে।

ঘৰলৈ আহি দেউতাকক সকলো কথা বিৱৰি কয় কণমানিজনীয়ে। ছোৱালীজনীৰ দেউতাকে স্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে আৰু এই গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে আটক কৰে লম্পট প্ৰধান শিক্ষকজনক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.