AssamEntertainmentFilmleatest updateRegionalSocial

আহি আছে যতীন বৰা অভিনীত নতুন চলচ্চিত্ৰ ‘চেলেঞ্জ’, মুকলি হ’ল পোষ্টাৰ…

ছবিখনৰ নায়িকাৰ চৰিত্ৰত অভিনয় কৰিব এগৰাকী বলিউডৰ অবিনেত্ৰীয়ে।

মুম্বাইৰ চিনে মেলডীৰ দ্বাৰা প্ৰযোজিত আৰু অভিনেতা যতীন বৰাৰ দ্বাৰা অভিনীত নতুন চলচ্চিত্ৰ ‘চেলেঞ্জ’ৰ পোষ্টাৰ মুকলি। হোটেল তাজত মুকলি কৰা হল চেলেঞ্জ ছবিখনৰ পোষ্টাৰ। ৰাষ্ট্ৰীয় পৰ্যায়ত স্থানীয় ভাষাৰ চলচ্চিত্ৰই লাভ কৰা সফলতাৰ প্ৰতি দৃষ্টি ৰাখি চলচ্চিত্ৰখন ৰাষ্ট্ৰীয় মঞ্চত মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ছবিখন মূলত অসমীয়া ভাষাত নিৰ্মিত হ’ব যদিও পাছৰ পৰ্য্যায়ত ইয়াক হিন্দী আৰু বাংলা ভাষাটো নিৰ্মাণ কৰাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে। চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব অসমৰ চুপাৰষ্টাৰ যতীন বৰাই আৰু নায়িকাৰ চৰিত্ৰত দেখা যাব এগৰাকী বলিউডৰ অভিনেত্ৰী। অভিনেত্ৰীগৰাকীৰ সবিশেষ বৰ্তমান জানিব পৰা নাই। এই ছবিখনত অসম আৰু বংগৰ কেইবাগৰাকীও আগশাৰীৰ শিল্পীয়ে অভিনয় কৰিব বুলি জানিব পৰা গৈছে।

এন জে আৰু এদল যুৱ পৰিচালকৰ পৰিচালনাত নিৰ্মাণ হ’বলগীয়া ‘চেলেঞ্জ’ৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ অভিজিত ভট্টাচাৰ্য্যৰ। সংগীত তথা আৱহ সংগীত অজয় ফুকনৰ। ছবিখনৰ বাবে পৰিকল্পিত পাঁচটা সুমধুৰ গীতত অসমৰ লগতে বলিউডৰ বহু নামজ্বলা কন্ঠশিল্পীয়ে কণ্ঠদান কৰিব বুলি প্ৰকাশ কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.