AssamCrimeleatest update

অমানবীয়! চিকিৎসাৰ বাবে পুত্ৰৰ ওচৰত সহায় বিছাৰি যোৱা বৃদ্ধ পিতৃক প্ৰহাৰ পাষাণ পুত্ৰৰ।

মূৰত আঘাত কৰাত গুৰুতৰভাৱে অসুস্থ হৈ পৰে পিতৃ আব্দুল কালাম সেখ।

চাপৰৰ ৰঙামাটী ডাউৱাগুৰীত পাষাণ পুত্ৰৰ অমানবীয় কাণ্ড। পুত্ৰৰ ওচৰত সহায় বিছাৰি যোৱা বৃদ্ধ পিতৃৰ ওপৰত জপিয়াই পৰিল কুলংগাৰ পুত্ৰ ছানোৱাৰ হুছেইন। নিজৰ চিকিৎসাৰ বাবে সৰু পুত্ৰৰ লগত অসুস্থ দেহাৰে আৰ্থিক সহায় বিচাৰি গৈছিল জ্যেষ্ঠ পুত্ৰৰ ওচৰলৈ।

কিন্তু সহায় কৰাৰ সলনি পিতৃক অকথ্য গালি-গালাজ পৰাৰ লগতে ভাতৃ আৰু পিতৃক মাৰধৰ কৰে জ্যেষ্ঠ পুত্ৰ ছানোৱাৰ হুছেইনে। মূৰত আঘাত কৰাত গুৰুতৰভাৱে অসুস্থ হৈ পৰে পিতৃ আব্দুল কালাম সেখ। বৃদ্ধ পিতৃক আক্ৰমণ কৰা ঘটনাই তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত। ইতিমধ্যে ন্যায় বিচাৰি চাপৰ থানাত এখন এজাহাৰ দাখিল কৰিছে দুৰ্ভগীয়া পিতৃগৰাকীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.