অসমআঞ্চলিক

এইবাৰ উগ্ৰপন্থী নহয়, আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে ৪ শতাধিক চোৰাংচিকাৰীয়ে…

আত্মসমৰ্পণ কৰি চিকাৰৰ সময়ত ব্যৱহৃত বন্দুক, হোণ্ডাই মেচিন, কৰত আৰু চাইকেলো আৰক্ষীৰ ওচৰত সমৰ্পণ কৰে চোৰাংচিকাৰীসকলে

ৰাজ্যত বিভিন্ন উগ্ৰপন্থী সংগঠনৰ আত্মসমৰ্পণৰ সমান্তৰালকৈ এইবাৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে শতাধিক চোৰাংচিকাৰীয়ে।

চিৰাঙত চাৰি শতাধিক চোৰাংচিকাৰীৰ আত্মসমৰ্পণ। শনিবাৰে আত্মসমৰ্পণ কৰে বিটিআৰৰ অধিকাংশ চোৰাংচিকাৰীয়ে।
চিৰাং জিলাৰ বন বিভাগৰ উদ্যোগত বেংতল ফৰেষ্ট বীট কাৰ্যালয়ত অনুষ্ঠিত কৰা এখন ৰাজহুৱা অনুষ্ঠানত বিটিআৰৰ কোকৰাঝাৰ, চিৰাং আৰু বাক্সাকে ধৰি তিনিখন জিলাৰ চোৰাংচিকাৰীয়ে আত্মসমৰ্পণ কৰে।

দীৰ্ঘদিন ধৰি ভাৰত-ভূটান সীমান্তৰ ঘনঘোৰ বনাঞ্চলত সক্ৰিয় হৈ আছিল প্ৰায় ৪ শতাধিক চিকাৰী। বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী আৰু বিটিআৰৰ দায়িত্বত থকা বিশেষ আৰক্ষী সঞ্চালক প্ৰধান ডা০ এল আৰ বিষ্ণৈৰ হাতত অস্ত্ৰ-শস্ত্ৰ জমা কৰে চোৰাংচিকাৰীসকলে। আত্মসমৰ্পণ কৰি চিকাৰৰ সময়ত ব্যৱহৃত বন্দুক, হোণ্ডাই মেচিন, কৰত আৰু চাইকেলো আৰক্ষীৰ ওচৰত সমৰ্পণ কৰে চোৰাংচিকাৰীসকলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + eight =

Back to top button