অসমআঞ্চলিকখেল

DSP হ’ব অসম গৌৰৱ বৰপথাৰ বাৰমুখীয়াৰ জীয়ৰী লাভলিনা…

উল্লেখ্য যে, DSP পদৰ লগতে লাভলিনাই লাভ কৰিছে অন্য এক সন্মান। ২০২১ বৰ্ষৰ মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটাৰ বাবে লাভলিনা বৰগোহাঁইৰ নাম অনুমোদিত হৈছে। দেশৰ ১১ জন খেলুৱৈৰ ভিতৰত অন্তৰ্ভুক্ত আছে লাভলিনাৰ নাম। খেলৰত্ন বঁটাৰ বাবে নাম অনুমোদিত হোৱাৰ পিছতে এতিয়া উৎফুল্লিত হৈ পৰিছে অসমবাসী।

গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে বোকা পানী গচকি জগত জিনাৰ সপোন সাকাৰ কৰা লাভলিনা বৰগোহাঁই অসমৰ গৌৰৱ, লাভলিনা বৰপথাৰৰ গৌৰৱ।

টকিঅ’ অলিম্পিকত পদক জয়ৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলিনা বৰগোহাঁইক অসম চৰকাৰে দিয়া প্ৰতিশ্ৰুতি বাস্তৱ হোৱাৰ দিশে। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত লোৱা হয় এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পূৰ্বে মুখ্যমন্ত্রীয়ে লাভলিনাক DSP পদত নিযুক্তি কৰাৰ কথা ঘোষণা কৰিছিল। সেই অনুযায়ী কেবিনেটত অলিম্পিয়ান লাভলিনা বৰগোহাঁইক উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱ অনুমোদন জনোৱা হয়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কৰা হয় এই ঘোষণা।

উল্লেখ্য যে, DSP পদৰ লগতে লাভলিনাই লাভ কৰিছে অন্য এক সন্মান। ২০২১ বৰ্ষৰ মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটাৰ বাবে লাভলিনা বৰগোহাঁইৰ নাম অনুমোদিত হৈছে। দেশৰ ১১ জন খেলুৱৈৰ ভিতৰত অন্তৰ্ভুক্ত আছে লাভলিনাৰ নাম। খেলৰত্ন বঁটাৰ বাবে নাম অনুমোদিত হোৱাৰ পিছতে এতিয়া উৎফুল্লিত হৈ পৰিছে অসমবাসী।

খেলৰত্নৰ বাবে নাম অনুমোদন হোৱাৰ পিছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ লগতে তেওঁৰ প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰীসকলক ধন্যবাদ জ্ঞাপন কৰি লাভলিনাই এই ক্ৰীড়া সন্মান পিতৃ-মাতৃৰ বাবে উৎসৰ্গা কৰে ।

খেলুৱৈগৰাকীয়ে কয় যে, ‘এজন খেলুৱৈ হিচাপে খেল ৰত্ন বঁটাৰ বাবে পৰামৰ্শ দিয়াটো মোৰ বাবে আটাইতকৈ গৌৰৱান্বিত দিন। মই সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছাৰ, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ ছাৰ, এছএআই, বিএফআই, প্ৰশিক্ষক আৰু মোৰ যাত্ৰাৰ অংশ হোৱা সকলোকে ধন্যবাদ জনাইছো। মই এই বঁটা মোৰ পিতৃ-মাতৃক উৎসৰ্গা কৰিব বিচাৰো। মই কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিম আৰু মোৰ লক্ষ্য হৈছে মোৰ দেশৰ বাবে অধিক সুনাম কঢ়িয়াই অনা।’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.