অভিনয়বলিউডবোলছবিভাৰতমনোৰঞ্জন

ছলমান খানৰ অনুৰাগীসকলৰ বাবে বছৰৰ শেষত এটা ভাল খবৰ

আহি আছে বজৰংগী ভাইজানৰ চিকুৱেল

ছলমান খানে অনুৰাগীসকলৰ বাবে বছৰৰ শেষত লৈ আহিছে এটা ভাল খবৰ। অতি সোনকালে ছবিগৃহলৈ আহিব বজৰংগী ভাইজানৰ চিকুৱেল। এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ছলমান খানে।

এছ এছ ৰাজামৌলীৰ দেউতাক ভি বিজয়েন্দ্ৰ প্ৰসাদে লিখিছে বজৰংগী ভাইজানৰ চিকুৱেল। অভিনেতাজনে ‘আৰআৰআৰ’ চিনেমাখনৰ প্ৰাক-মুক্তি অনুষ্ঠানত উপস্থিত আছিল আৰু সেই অনুষ্ঠানত অনুৰাগীসকলক চিকুৱেলৰ বিষয়ে আনুষ্ঠানিকভাবে মন্তব্য কৰিছিল। উল্লেখ্য যে, এছ এছ ৰাজামৌলীৰ দেউতাক ভি বিজয়েন্দ্ৰ প্ৰসাদে মূল ছবিখনৰ বাবে শ্ৰেষ্ঠ কাহিনীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।

বজৰংগী ভাইজান ছবিখনে মানুহৰ মাজত বিশেষ সমাদৰ লাভ কৰিছিল। বলীউডৰ চুপাৰষ্টাৰ চলমান খানে ছবিখনত এজন সৰল মনৰ হনুমান ভক্ত পৱনৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু মুন্নী নামৰ কিশোৰীগৰাকীৰ চৰিত্ৰত অভিনয় কৰিছিল হৰ্ষলী মালহোত্ৰাই। চিনেমাখন ৰিলিজ হোৱাৰ পিছতে সকলোৱে আদৰি লৈছিল মুন্নীৰ চৰিত্ৰক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.