কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশৰ লক্ষীমপুৰৰ খেড়ীত সংঘটিত হৈছিল এক হিংসাত্মক ঘটনা। কৃষকৰ ওপৰত চলোৱা হৈছিল অত্যাচাৰ। খেড়ীত প্ৰতিবাদত বহা কৃষকৰ গাৰ ওপৰেৰে SUV বাহন চলাই নিছিল মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰই। আনকি প্ৰতিবাদী কৃষকৰ ওপৰত কৰা হৈছিল গুলী বৰ্ষণ।

এই সংঘৰ্ষত মৃত্যুক সাৱটি লৈছিল ৮ জনকৈ প্ৰতিবাদী কৃষকে। ঘটনাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ বিৰুদ্ধে উত্তৰপ্ৰদেশ আৰক্ষীয়ে ৰুজু কৰিছিল হত্যাৰ এক গোচৰ। গোচৰ তৰা হৈছিল যদিও আশীষ মিশ্ৰক গ্ৰেপ্তাৰৰ বাবে লোৱা নাছিল কোনো ব্যৱস্থা। অৱশেষত আৰক্ষীয়ে শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰে অপৰাধী আশীষ মিশ্ৰক।
Crime Branch takes Ashish Mishra, son of MoS Home Ajay Mishra Teni from its office. He has been arrested in connection with Lakhimpur violence case.
"He will be produced before the court," DIG Upendra Agarwal had said earlier pic.twitter.com/Ap0PZAIhe2
— ANI UP/Uttarakhand (@ANINewsUP) October 9, 2021
উল্লেখযোগ্য যে, উক্ত দিনটোত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰ আৰু উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য্যৰ উত্তৰপ্ৰদেশ ভ্ৰমণৰ বিৰোধিতা কৰি প্ৰতিবাদত বহিছিল কৃষকসকল।


