খেল

মহিলা ক্ৰিকেটৰ ফাইনেললৈ ভাৰত

প্ৰথমবাৰৰ বাবে কমনৱেলথৰ মহিলা ক্ৰিকেটৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় দলৰ।

বাৰ্মিংহামত প্ৰথমবাৰতেই পদক নিশ্চিত কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে। শনিবাৰে অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি ফাইনেলত উপনীত হয় ভাৰতীয় দলটো।

প্ৰথমে বেটিং কৰি স্মৃতি মান্ধানাৰ দৰ্শনীয় ৬১ ৰানৰ সহায়ত ভাৰতে ১৬৪ ৰানৰ ইংনিছ বান্ধি দিয়ে। ২৫ টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে মান্ধানাই। মান্ধানাৰ উপৰিও জেমিমাই উপহাৰ দিয়ে অপৰাজিত ৪৪ ৰানৰ ইনিংছ।

প্ৰত্যুত্তৰত ইংলেণ্ডে ৫টা উইকেট হেৰুৱাই ১৬০ ৰানতে নিজৰ ইনিংছ সমাপ্ত কৰে। ভাৰতৰ হৈ স্নেহ ৰানাই ২টা উইকেট দখল কৰে। আনহাতে ৩ গৰাকীয়ে ৰান আউট হয়।

ইফালে দ্বিতীয়খন ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড। ৯ আগষ্টত ইয়াৰে বিজয়ী দলৰ সৈতে ফাইনেল খেলিব ভাৰতীয় দলটোৱে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.