আন্তঃৰাষ্ট্ৰীয়

অৱশেষত উদ্ধাৰ হ’ল নেপালৰ Tara Air বিমানৰ ব্লেক বক্স…

নেপালৰ পাহাৰীয়া মুস্তাং জিলাত দেওবাৰে বিমান দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাবটিছিল ২২জন যাত্ৰীয়ে। মৃত যাত্ৰীসকলৰ ভিতৰত ৪জনেই আছিল ভাৰতীয়।

অৱশেষত উদ্ধাৰ হ’ল Tara Air বিমানৰ ব্লেক বক্স। মঙলবাৰে, অভিজ্ঞতাপূৰ্ণ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মাউণ্টেইন গাইডৰ এটা দলে উদ্ধাৰ কৰে ব্লেক বক্সটো। প্ৰতিকূল বতৰৰ বাবে দেওবাৰে মাজ আকাশৰ পৰাই সন্ধানহীন হৈ পৰা বিমানখনৰ উদ্ধাৰ অভিযানতো বিলম্ব হৈছিল।

 

উদ্ধাৰকাৰী দলটোৱে মঙলবাৰে, দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা উদ্ধাৰ কৰে অন্তিমটো মৃতদেহ। নেপালৰ পাহাৰীয়া মুস্তাং জিলাত দেওবাৰে বিমান দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাবটিছিল ২২জন যাত্ৰীয়ে। মৃত যাত্ৰীসকলৰ ভিতৰত ৪জনেই আছিল ভাৰতীয়।

 

মুস্তাং জিলাৰ মুখ্য বিষয়া নেত্ৰ প্ৰসাদ শৰ্মাৰ মন্তব্য অনুসৰি, ১০জন লোকৰ মৃতদেহ সোমবাৰে প্ৰেৰণ কৰা হয় কাঠমাণ্ডুলৈ। আনসকল লোকৰ মৃতদেহ ঘটনাস্থলীৰ পৰা কোবাঙলৈ প্ৰেৰণ কৰি পৰৱৰ্তী সময়ত লৈ যোৱা হয় কাঠমাণ্ডুলৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.