জম্মু-কাশ্মীৰ

জম্মু-কাশ্মীৰৰ সংখ্যালঘু হিন্দু শিক্ষিয়িত্ৰীক গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ…

নিজ বিদ্যালয়তে গুৰুতৰভাৱে আহত হোৱা মহিলাগৰাকীক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৰজনী বালাক।

জম্মু-কাশ্মীৰত পুনৰ সংখ্যালঘুলৈ লক্ষ্য কৰি চলিল সন্ত্ৰাসবাদীৰ গুলী। মঙলবাৰে, দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ গোপালপোৰা অঞ্চলত এগৰাকী হিন্দু শিক্ষয়িত্ৰীক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে।

 

সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা শিক্ষয়িত্ৰীগৰাকী হৈছে ৩৬ বছৰীয়া ৰজনী বালা। নিজ বিদ্যালয়তে গুৰুতৰভাৱে আহত হোৱা মহিলাগৰাকীক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৰজনী বালাক।

 

ৰজনী বালা হৈছে জম্মু-কাশ্মীৰৰ চাম্বা অঞ্চলৰ বাসিন্দা। স্বামী আৰু জীয়ৰীৰ সৈতে বসবাস কৰিছিল ৰজনীয়ে। ইতিমধ্যে, ঘটনা সংঘটিত হোৱা অঞ্চলটো ঘেৰাও কৰিছে সুৰক্ষা বাহিনীয়ে। শীঘ্ৰেই সন্ত্ৰাসবাদীক চিনাক্ত কৰি নিষ্ক্ৰিয় কৰাৰ কথা উল্লেখ কৰে আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 − 2 =

Back to top button