অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

শপত গ্ৰহণ কৰিয়েই বিতৰ্কৰ সূচনা কৰিলে তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰী ৰেৱন্থ ৰেড্ডীয়ে….

শপত গ্ৰহণ কৰিয়েই বিতৰ্কৰ সূচনা কৰিলে তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰী ৰেৱন্থ ৰেড্ডীয়ে।  বৃহস্পতিবাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ সময়ত সুৰক্ষা সংস্থাসমূহৰ অভিৱাদন গ্ৰহণ প্ৰক্ৰিয়াক লৈ সূচনা হৈছে বিতৰ্কৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে অভিৱাদন গ্ৰহণৰ সময়ত লগত আছিল কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষা ছোনিয়া গান্ধী। খোলা জীপৰ সন্মুখত ছোনিয়া গান্ধী থিয় হৈ আছিল আৰু মুখ্যমন্ত্ৰী ৰেড্ডী ছোনিয়া গান্ধীৰ পিছফালে থিয় হৈ অভিৱাদন গ্ৰহণ কৰিছিল। এই দৃশ্যই এতিয়া সূচনা কৰিছে বিতৰ্কৰ। কিয়নো, সুৰক্ষা সংস্থাসমূহৰ অভিৱাদন লাভ কৰিবলগীয়া কোনো সাংবিধানিক পদবীত নাই কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী। তেনে স্থলত ছোনিয়া গান্ধীয়ে কি যোগ্যতাৰ ভিত্তিত অভিৱাদন গ্ৰহণ কৰিলে তাকে লৈ বিতৰ্কৰ সৃষ্টি হৈছে। আনহাতে, ছোনিয়া গান্ধীৰ পিছফালে মুখ্যমন্ত্ৰীজন থিয় হৈ থকাটো দৃষ্টিকটূ হৈছে বুলি সমালোচক মহলত আলোচনা হৈছে।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.