AssamCricketEntertainmentInternationalInternationalleatest updateworld cupআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিভাৰতমনোৰঞ্জন

আইচিচিয়ে টি-২০ বিশ্বকাপত প্ৰৱৰ্তন কৰিলে ৪ টাকৈ নতুন নিয়ম

১জুন ২০২৪ৰ পৰা টি-২০ বিশ্বকাপ আৰম্ভ হ'ব।আইচিচিয়ে DRS, নো বল, আঘাতপ্ৰাপ্ত খেলুৱৈৰ স্থলাভিষিক্তকৰণ আৰু খেলপথাৰত আঘাতপ্ৰাপ্ত খেলুৱৈৰ চিকিৎসাৰ সময় সীমাৰ নিয়মৰ সন্দৰ্ভত আনিলে সাল-সলনি।

টি-২০ বিশ্বকাপত বৃহৎ পৰিৱৰ্তন। ক্ৰিকেটক অধিক আকৰ্ষণীয় কৰি তোলাৰ বাবে বিশ্ব ক্ৰিকেটৰ নিয়ামক সংস্থা আইচিচিয়ে আনিলে চাৰি টাকৈ নতুন নিয়ম। DRS, নো বল, আঘাতপ্ৰাপ্ত খেলুৱৈৰ স্থলাভিষিক্তকৰণ আৰু খেলপথাৰত আঘাতপ্ৰাপ্ত খেলুৱৈৰ চিকিৎসাৰ সময় সীমাৰ নিয়মৰ সন্দৰ্ভত আনিলে সাল-সলনি।

সমাগত টি-২০ বিশ্বকাপত এই নতুন নিয়ম প্ৰযোজ্য হ’ব। DRS ৰ পূৰ্বৰ নিয়ম অনুসৰি কিপাৰে কেচ বা ষ্টাম্পিঙৰ বাবে আবেদন জনালে ৰিপ্লেত দুয়োটা আউটেই পৰীক্ষা কৰা হৈছিল। দুয়োটাৰ ভিতৰত যিকোনো এটাত আউট হ’লে আম্পায়াৰে আউট দিছিল। নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা ষ্টাম্পিঙৰ আউট পৰীক্ষা কৰিলে কেচ আউট পৰীক্ষা কৰা নহ’ব। কেৱল সেই আউটটোহে পৰীক্ষা কৰা হ’ব আৰু সিদ্ধান্ত লোৱা হ’ব।

নো বলৰ ক্ষেত্ৰতো সলনি কৰা হৈছে নিয়ম। পূৰ্বৰ নিয়ম অনুসৰি যদি ফিল্ড আম্পায়াৰে বলাৰৰ ফ্ৰন্ট ফুট নো বল দেখা নাপায়, তেন্তে তৃতীয় আম্পায়াৰে সেইটো শুধৰাই দিয়ে। কিন্তু এতিয়াৰ পৰা কেৱল বলাৰৰ সন্মুখৰ ভৰিখনেই নহয়, তৃতীয় আম্পায়াৰক বলিং ক্ৰীজত বলাৰৰ পিছফালৰ ভৰিৰ অৱস্থান নিশ্চিত কৰাৰ দায়িত্ব দিয়া হৈছে। গতিকে এতিয়াৰে পৰা তৃতীয় আম্পায়াৰে বলাৰৰ ভৰি বলিং বক্সৰ ভিতৰত আছে নে নাই পৰীক্ষা কৰিব লাগিব।

‌কনকাচনৰ ক্ষেত্ৰতো সংযোজন কৰা হৈছে এটা নিয়ম। কনকাচনত যেতিয়া কোনো ক্ৰিকেটাৰ খেলৰ সময়ত খেলপথাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু খেলিব নোৱাৰা হয়, তেতিয়া দলটোৱে আঘাতপ্ৰাপ্ত খেলুৱৈজনক আন এজন খেলুৱৈৰ সৈতে সলনি কৰিব পাৰে। কিন্তু এতিয়াৰে পৰা এই নিয়ম অনুসৰি যদি আঘাতপ্ৰাপ্ত খেলুৱৈক আঘাত বা অন্যান্য কাৰণত বলিং কৰাত বাধা দিয়া হয় তেন্তে কনকাচন স্থলাভিষিক্ত হিচাপে অহা খেলুৱৈজনকো বলিং কৰিবলৈ দিয়া নহ’ব।

খেলপথাৰত আঘাতপ্ৰাপ্ত খেলুৱৈৰ চিকিৎসাৰ সময়ৰ ওপৰত আনিছে নতুন নিয়ম। ক্ৰিকেট বা ফুটবল খেলৰ সময়ত আঘাতপ্ৰাপ্ত খেলুৱৈক খেলপথাৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ নিয়ম আছে। কিন্তু ইয়াৰ পূৰ্বে খেলপথাৰত আঘাতপ্ৰাপ্ত খেলুৱৈৰ চিকিৎসাৰ বাবে কোনো নিৰ্দিষ্ট সময় নাছিল। কিন্তু এতিয়াৰ পৰা আইচিচিয়ে ফিফাৰ (FIFA) পথ অনুসৰণ কৰিবলৈ ওলাইছে। যদি কোনো খেলুৱৈৰ আঘাত চাৰি মিনিটৰ ভিতৰত ঠিক নহয়, তেন্তে খেলুৱৈগৰাকীয়ে খেলপথাৰ এৰিব লাগিব। তেওঁৰ ঠাইত আন এজন খেলুৱৈয়ে খেল খেলিব পাৰিব।

উল্লেখ্য যে, ১জুন ২০২৪ৰ পৰা টি-২০ বিশ্বকাপ আৰম্ভ হ’ব। আইচিচিয়ে এই বৰ্ষৰ পৰাই কাৰ্যকৰী কৰিব এই নিয়ম সমূহ আৰু আই পি এল টো প্ৰযোজ্য হ’ব এই নিয়ম সমূহ। বিশেষজ্ঞ সকলৰ মতে এই নিয়ম সমূহৰ দ্বাৰা ক্ৰিকেটৰ ৰোমাঞ্চক অধিক বৃদ্ধি পাব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 14 =

Back to top button