অসমআঞ্চলিক

নৱৰাত্ৰিৰ পূজা কৰা আগত জানি লওক দেৱীৰ ৯টা ৰূপৰ তাৎপৰ্য

২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব নৱৰাত্ৰি! পূজা–অৰ্চনা কৰা দেৱীৰ ৯টা ৰূপ কি কি জানেনে?

সোমবাৰ ২৬ ছেপ্টেম্বৰৰ পৰা ৫অক্টোবৰলৈ হ’ব নৱৰাত্ৰি! পূজা–অৰ্চনা কৰা দেৱীৰ ৯টা ৰূপ কি কি জানেনে?

শৈলপুত্ৰী : দুৰ্গাৰ নটা ৰূপৰ ভিতৰত প্ৰথমটো ৰূপ হৈছে দেৱী শৈলপুত্ৰীৰ, যি চন্দ্ৰক প্ৰতিনিধিত্ব কৰে। দেৱী শৈলপুত্ৰীৰ উপাসনাৰ দ্বাৰা চন্দ্ৰৰ লগত জড়িত দোষ নিৰ্বাৰণ হয় বিশ্বাস কৰা হয়।

ব্ৰহ্মচাৰিণী : নৱৰাত্ৰিৰ দ্বিতীয়টো দিনত দেৱী দুৰ্গাৰ ব্ৰহ্মচাৰিণী ৰূপৰ আৰাধনা কৰা হয়। ব্ৰহ্মা মানে তপস্যা আৰু চাৰিণী মানে আচৰণ কৰাজন। এইদৰে ব্ৰহ্মচাৰিণী মানে তপস্যা কৰাজন। জ্যোতিষ শাস্ত্ৰ অনুসৰি ব্ৰহ্মচাৰিণীৰ আশীৰ্বাদত মঙ্গল গ্ৰহৰ নেতিবাচক প্ৰভাৱবোৰ আঁতৰি যায়।

চন্দ্ৰঘণ্টা : দুৰ্গাৰ তৃতীয় শক্তিৰ নাম চন্দ্ৰঘণ্টা। নৱৰাত্ৰি পূজাত তৃতীয় দিনৰ এই পূজাক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। চন্দ্ৰঘণ্টাক শুক্ৰ গ্ৰহৰ নিয়ন্তা বুলি গণ্য কৰা হয়। তেওঁক উপাসনা কৰিলে শুক্ৰ গ্ৰহৰ বেয়া প্ৰভাৱ কম হয়।

কুষ্মাণ্ডা : নৱৰাত্ৰি পূজাৰ চতুৰ্থ দিনা কুষ্মাণ্ডা দেৱীৰ পূজা কৰা হয়। এই দিনটোত কুষ্মাণ্ডা দেৱীৰ বাবে পুণ্য আৰু শান্ত মনেৰে পূজা-কৰ্মত নিয়োজিত হ’ব লাগে। দেৱী কুষ্মাণ্ডাই ভগৱান সূৰ্যৰ পথ প্ৰদৰ্শন কৰে, সেয়েহে তেওঁক উপাসনা কৰি সূৰ্যৰ অশুভ প্ৰভাৱ পৰিহাৰ কৰিব পাৰি বুলি বিশ্বাস কৰা হয়।

স্কন্দমাতা : নৱৰাত্ৰিৰ পঞ্চম দিনটোত স্কন্দমাতাৰ পূজা কৰা হয়। যি মাতৃয়ে পৰিত্ৰাণৰ দুৱাৰ খুলি দিয়ে, তেওঁ সুখৰ দাতা। মাতৃয়ে ভক্তসকলৰ সকলো ইচ্ছা পূৰণ কৰে। দেৱী স্কন্দমাতাৰ উপাসনাৰ দ্বাৰা বুধ গ্ৰহৰ সৈতে সম্পৰ্কিত দোষ আৰু অশুভ প্ৰভাৱ পৰিহাৰ কৰা হয়।

কাত্যায়নী : কাত্যায়নী দেৱী পার্বতীৰ আন এটা নাম। যজুৰ্বেদৰ তৈত্তিৰীয়া আৰণ্যকত তেওঁৰ প্ৰথম উল্লেখ আছে। মা কাত্যায়নীক উপাসনা কৰি বৃহস্পতি গ্ৰহৰ লগত জড়িত বেয়া প্ৰভাৱ নাইকিয়া কৰাৰ চেষ্টা কৰা হয়।

কালৰাত্ৰি : দুৰ্গাৰ সপ্তম শক্তিক কালৰাত্ৰি বুলি জনা যায়। দুৰ্গা পূজাৰ সপ্তম দিনা মা কালৰাত্ৰিক পূজা কৰাৰ নিয়ম আছে। দেৱী কালৰাত্ৰিয়ে শনি গ্ৰহক নিয়ন্ত্ৰণ কৰে আৰু তেওঁৰ উপাসনাৰ দ্বাৰা শনি দেৱৰ অশুভ প্ৰভাৱবোৰ আঁতৰাব পাৰি।

মহাগৌৰী : নৱৰাত্ৰিৰ অষ্টম দিনটোত মহাগৌৰী ৰূপত দেৱীক আৰাধনা কৰা হয়। এই দিনটোৰ বিশেষ তাৎপৰ্য আছে। তেওঁৰ উপাসনাৰ দ্বাৰা ৰাহু গ্ৰহৰ ত্ৰুটি নাইকিয়া কৰিব পাৰি বুলি বিশ্বাস কৰা হয়।

সিদ্ধিদাত্ৰী : মা দুৰ্গাৰ নৱম শক্তিৰ নাম সিদ্ধিদাত্ৰী। সকলো প্ৰকাৰৰ প্ৰাপ্তি প্ৰদান কৰা এগৰাকী দেৱীৰ ৰূপত তেওঁৰ পূজা কৰা হয়। দেৱীক ভক্তিৰে আৰাধনা কৰা সাধকে সকলো সিদ্ধি লাভ কৰিব পাৰে। দেৱী সিদ্ধিদাত্ৰীৰ দ্বাৰা কেতু গ্ৰহক নিয়ন্ত্ৰণ কৰা হয়। পূজা–অৰ্চনাৰে কেতু গ্ৰহৰ বেয়া প্ৰভাৱ নাশ কৰিব পাৰি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.