Government SchemeSocialদুৰ্ঘটনা

পথ দুৰ্ঘটনাত পতিত লোকক সহায় কৰা সকললৈ ভাৰত চৰকাৰৰ বিশেষ পুৰস্কাৰ…

আৰক্ষীৰ আৱেষ্টনী অথবা আইনী মেৰপাচত সোমোৱাৰ শংকাৰ বাবেই সাধাৰণ লোকে দুৰ্ঘটনাগ্ৰস্ত লোকক সহায়ৰ বাবে আগবাঢ়ি নাযায়injured

দেশৰ সৰ্বসাধাৰণলৈ ভাৰত চৰকাৰৰ বিশেষ পুৰস্কাৰ। পথ দুৰ্ঘটনাত পতিত লোকক হাস্পতাললৈ লৈ যোৱা লোকসকলক পুৰস্কাৰ দিব চৰকাৰে।

সাধাৰণতে পথ দুৰ্ঘটনা অথবা যিকোনো দুৰ্ঘটনা দেখিলে সহায় কৰাৰ পৰিৱৰ্তে সৰ্বসাধাৰণ লোকসকলে দুৰ্ঘটনাস্থলী ত্যাগ কৰে। আৰক্ষীৰ আৱেষ্টনী অথবা আইনী মেৰপাচত সোমোৱাৰ শংকাৰ বাবেই সাধাৰণ লোকে দুৰ্ঘটনাগ্ৰস্ত লোকক সহায়ৰ বাবে আগবাঢ়ি নাযায়।

কিন্তু দুৰ্ঘটনাগ্ৰস্ত লোকসকলক সহায় কৰাটো আমাৰ সকলোৰে দায়িত্ব। দুৰ্ঘটনাৰ পিছত আহত লোকসকলক সহায় কৰাটো এক মানৱীয় কাৰ্য।

দীৰ্ঘদিন ধৰি আমাৰ সমাজত চলি অহা এই সমস্যা আঁতৰ কৰিবলৈ ভাৰত চৰকাৰে নতুনকৈ আৰম্ভণি কৰিছে এক বিশেষ অনুষ্ঠানৰ। যাৰ নাম হৈছে One-of-a-kind।

ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে সোমবাৰে ঘোষণা কৰে এই বিশেষ ব্যৱস্থাৰ কথা। যিসকল লোকে পথ দুৰ্ঘটনাত পতিত লোকসকলক গ’ল্ডেন আৱাৰৰ(Golden Hour)ৰ ভিতৰত হাস্পতাললৈ লৈ যাব, তেওঁলোকক ৫,০০০ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰিব ভাৰত চৰকাৰে।

অহা ৩১ অক্টোবৰ, ২০২১ৰ পৰা ৩১ মাৰ্চ, ২০২৬ লৈকে আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ। উক্ত সময়সীমাৰ ভিতৰত মানৱীয়তাৰ খাতিৰত দুৰ্ঘটনাগ্ৰস্ত লোকক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ গ’লে চৰকাৰৰ পৰা লাভ কৰিব পুৰস্কাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + fourteen =

Back to top button