অসমআঞ্চলিককৃষিখাদ্য

ফুল নহয় ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰত এতিয়া বিধে বিধে পাচলি খেতি

বাক্সাত সাধাৰণ ৰাইজৰ ব্যতিক্ৰমী পদক্ষেপ। ফুলৰ সলনি ডিভাইদাৰত ৰাইজে কৰিলে বিধে বিধে পাচলি খেতি।

ফুল নহয় ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰত এতিয়া বিধে বিধে পাচলি খেতি। বাক্সাৰ বৰমাত ডিভাইদাৰত ৰাইজে ৰুলে বেঙেনা, ভেণ্ডি, মুলা, লেচেৰা, জলকীয়া

বাক্সাত সাধাৰণ ৰাইজৰ ব্যতিক্ৰমী পদক্ষেপ। ফুলৰ সলনি ডিভাইদাৰত ৰাইজে কৰিলে বিধে বিধে পাচলি খেতি।
যি সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰত গছপুলি আৰু ফুল ৰোপনৰ বাবে চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে, তেনে সময়তে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰত এতিয়া ৰোপণ হৈছে বিধে বিধে পাতলি খেতি৷

বাক্সা জিলাৰ বৰমাৰ নিকটৱৰ্তী মাধাপুৰত ৰাইজে এইদৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰত ৰুইছে বিধে বিধে শাক-পাচলি৷ মূল্যবৃদ্ধিয়ে জুৰুলা কৰা সাধাৰণ ৰাইজৰ এইয়া ব্যতিক্ৰমি পদক্ষেপ৷ কাৰণ মূল্যবৃদ্ধিৰ বাবে বজাৰলৈ যাব নোৱাৰে এইসকল লোকে৷

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ লোকক৷ উপায়হীন হৈ এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰতে কৰিছে কৃষিকৰ্ম৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.