শ্ৰেণীবিহীন

বোকাখাতৰ ডিফলু চাহ বাগিচাত সংঘটিত হৈছে এক জঘন্য কাণ্ড! লিচি আৰু কোকাকলা চুৰি কৰাৰ অপৰাধত ৬ ঘণ্টা ধৰি আঠু কঢ়াই ৰাখে ৪টিকৈ কণমানি শিশুক

লিচি আৰু কোকাকলা চুৰি কৰাৰ অপৰাধত ৬ ঘণ্টা ধৰি আঠু কঢ়াই ৰাখে ৪টিকৈ কণমানি শিশুক

বোকাখাতৰ ডিফলু চাহ বাগিচাত সংঘটিত হৈছে এক জঘন্য কাণ্ড। ৪টিকৈ কণমানি শিশুক নাৰকীয় অত্যাচাৰ। লিচি আৰু কোকাকলা চুৰি কৰাৰ অপৰাধত ৬ ঘণ্টা ধৰি আঠু কঢ়াই ৰাখে শিশুকেইটিক। পৰৱৰ্তী সময়ত খলপা খলপকৈ কাটি দিয়ে শিশুকেইটিৰ চুলি।

এই পৈশাচিক কাণ্ড সংঘটিত কৰা নৰাধমটো পাপু ঠাকুৰ বুলি চিনাক্ত কৰা হৈছে। পাপু ঠাকুৰ অঞ্চলটোৰ এখন চেলুনৰ গৰাকী। লক্ষণীয় কথাটো হ’ল এই পৈশাচিক ঘটনা সংঘটিত হোৱাৰ সময়ত সেই স্থানত উপস্থিত আছিল বাগিচাখনৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি কেশৱ কুৰ্মী।

এই সন্দৰ্ভত ইতিমধ্যে ন্যায় বিচাৰি বোকাখাত থানাত এজাহাৰ দাখিল কৰিছে চাহ জনজাতি ছাত্ৰ সন্থাই। শীঘ্ৰেই কণমানি শিশুকেইটিক ন্যায় নিদিলে কঠোৰ প্ৰতিবাদী কাৰ্যসূচীৰ হুংকাৰ আটছাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 1 =

Back to top button