দুৰ্ঘটনাপৰ্যটন

ৰাফটিং কৰি থাকোতেই বিয়াছ নদীত উটি গ’ল মহিলা পৰ্যটক

এটা পৰ্যটকৰ দলে ৰাফটিং কৰি থাকোতে পানীৰ প্ৰৱল সোঁতত ওলোটা হৈ যায় নাও। যাৰ ফলত মৃত্যুক সাৱটি ল'বলগীয়া হয় ২ গৰাকী মহিলা পৰ্যটকে।আনহাতে এই দুৰ্ঘটনাত আহত হয় ৪ জন লোক।

হিমাচল প্ৰদেশৰ বিয়াছ নদীত অঘটন । হিমাচল প্ৰদেশৰ বিখ্যাত পৰ্যটন স্থলী কুল্লু উপত্যকাৰ ওচৰত থকা বিয়াছ নদীত ৰাফটিং কৰি থকাৰ সময়তে সংঘটিত হয় এই অঘটন।

এটা পৰ্যটকৰ দলে ৰাফটিং কৰি থাকোতে পানীৰ প্ৰৱল সোঁতত ওলোটা হৈ যায় নাও। যাৰ ফলত মৃত্যুক সাৱটি ল’বলগীয়া হয় ২ গৰাকী মহিলা পৰ্যটকে।আনহাতে এই দুৰ্ঘটনাত আহত হয় ৪ জন লোক।

মৃত মহিলা ২ গৰাকী ক্ৰমে মধ্য প্ৰদেশৰ ইন্দোৰৰ ৰাকাউৰা আৰু আনগৰাকী মহাৰাষ্ট্ৰৰ বাসিন্দা ৰুকাইয়া বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ তথ্য অনুসৰি, পৰ্যটক সকলে কুল্লু-মানালী ভ্ৰমণৰ লক্ষ্যৰে আহিছিল হিমাচল প্ৰদেশলৈ। শুকুৰবাৰে আবেলি বিয়াছ নদীত ৰাফটিং কৰাৰ সময়তে দুৰ্ভাগ্যবশতঃ ওলোটা হৈ পৰে পৰ্যটকসকলে ৰাফটিং কৰোতে ব্যৱহাৰ কৰা নাও।

পৰৱৰ্তী সময়ত বিয়াছ নদীৰ তীব্ৰ প্ৰবাহত উটি যোৱা মহিলাকেইগৰাকীক উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে। কিন্তু ইয়াৰে দুগৰাকী মহিলাৰ ততালিকে মৃত্যু হয়। বৰ্তমান চিকিৎসাধীন হৈ আছে আহত ৬ গৰাকী মহিলা পৰ্যটক। আৰক্ষীৰ এটা দলে ঘটনা স্থলীত উপস্থিত হৈ চলাইছে অনুসন্ধান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.