অসমবন্যপ্ৰাণী

কাজিৰঙাত গঁড়ৰ পিয়ল: বৰ্তমান কেইটা গঁড় আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত?

ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি যোৱা ডিফলু নদীৰ দক্ষিণ পাৰৰ মুঠ ৪৮ টা পূৰ্ব নিৰ্ধাৰিত কম্পাৰ্টমেণ্টত গণনাকাৰীয়ে গঁড় গণনা কৰে ৷

অন্ত পৰিল ২৬ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈকে কাজিৰঙাত আৰম্ভ হোৱা গঁড়ৰ পিয়ল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত ২৬ মাৰ্চৰ পুৱাৰে পৰা আৰম্ভ হৈছিল ১৪ সংখ্যক গঁড় গণনাৰ বিভাগীয় কাৰ্যসূচী ৷ ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি যোৱা ডিফলু নদীৰ দক্ষিণ পাৰৰ মুঠ ৪৮ টা পূৰ্ব নিৰ্ধাৰিত কম্পাৰ্টমেণ্টত গণনাকাৰীয়ে গঁড় গণনা কৰে ৷

এই গণনা কাৰ্যত বন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ উপৰিও আমন্ত্ৰিত অভিজ্ঞ ব্যক্তি আৰু বেচৰকাৰী সংগঠনৰ প্ৰতিনিধি, বনকৰ্মীয়েও অংশগ্ৰহণ কৰে ৷ লগতে কাজিৰঙা, বোকাখাত, কলিয়াবৰ আৰু গুৱাহাটীৰ পৰা অহা ৪৬ গৰাকী সাংবাদিকেও অংশগ্ৰহণ কৰে এই গণনা কাৰ্যত ।

 

মঙলবাৰে, প্ৰকাশ হ’ল কাজিৰঙাত গঁড় পিয়ল ২০২২ ৰ ফলাফল ৷ কাজিৰঙাত বৰ্তমান থকা মুঠ গঁড়ৰ সংখ্যা হৈছে ২৬১৩ টা ৷ পূৰ্বে গঁড়ৰ সংখ্যা আছিল ২৪১৩টা ৷ এতিয়া বৃদ্ধি হোৱা গঁড়ৰ সংখ্যা হৈছে ২০০ টা ৷ ইয়াৰে প্ৰাপ্তবয়স্ক গঁড়ৰ(৬ বছৰৰ ওপৰৰ) সংখ্যা হৈছে ১৮২৩টা। ৩ৰ পৰা ৬ বছৰৰ গঁড় হৈছে ৩৬৫টা। ১ বছৰৰ পৰা ৩ বছৰৰ গঁড়ৰ সংখ্যা ২৭৯টা আৰু পোৱালিৰ সংখ্যা হৈছে ১৪৬টা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.