Assamassam policeHimanta Biswa Sarmaleatest updateRegionalSocial

সলনি হ’ল উজনি অসমৰ পৰা গুৱাহাটীলৈ অহাৰ পথ! কোনফালে যাত্ৰা কৰিব আপুনি?

যোৰাবাট-খানাপাৰাত সৃষ্টি হোৱা যানজঁটক লৈ ট্ৰেফিক DCPৰ সংবাদমেল।

যোৰাবাট-খানাপাৰাত সৃষ্টি হোৱা যানজঁটক লৈ ট্ৰেফিক DCPৰ সংবাদমেল। ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ বাবে সৃষ্টি হোৱা যানজঁটৰ পিছতে সংবাদমেল। এই যানজঁট নিৰ্মূল কৰাৰ বাবে তৎপৰ হৈছে আৰক্ষীৰ প্ৰশাসন।

এতিয়াৰে পৰা উজনি অসমৰ পৰা গুৱাহাটীলৈ যাত্ৰাৰ বাবে বিকল্প পথ নিৰ্দেশনা জাৰি যান-বাহন আৰক্ষীৰ। কলিয়াবৰ তিনিআলি পৰা শোণিতপুৰ হৈ বাইহাটাৰে চলাচল কৰিব লাগিব গধুৰ বাহন। মেঘালয়ৰ আৰু মৰিগাঁওৰ পৰা অহা গধুৰ বাহনসমূহ দিনৰ ভাগত বন্ধ কৰি দিয়া হ’ব। নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰত চলাচল কৰিব পাৰিব ৰখাই থোৱা বাহনসমূহ।

ব্যক্তিগত সৰু বাহন সমূহ ডিগাৰুৰ পৰা আমছিং আৰ্মি কেম্প পাথৰকুঁৱেৰী হৈ গুৱাহাটীলৈ অহাৰ নিৰ্দেশ। ইয়াৰোপৰি উজনিৰ পৰা অহা বাহনসমূহ সোণাপুৰ সীমান্তৰ চামতাৰ ভিতৰৰে পবিতৰা মায়ং চন্দ্ৰপুৰ পানীখাইতি নাৰেংগী হৈও গুৱাহাটীলৈ আহিব পাৰিব। জাগীৰোডৰ পৰা আহিব লগা বাহনসমূহ মায়ং-চন্দ্ৰপুৰ পানীখাইতি নাৰেংগীহৈ আহিবলৈ নিৰ্দেশনা জাৰি কৰিছে যান-বাহন আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.