অসম

কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আদৰিবলৈ সাজু বিজেপি

১৯ আগষ্টত অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী

অসমলৈ আহিব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অসমলৈ আহি বিজেপিৰ আশীৰ্বাদ যাত্ৰাত অংশ ল’ব বৰ্তমানৰ কেন্দ্ৰীয় কেবিনেটৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

সৰ্বানন্দ সোণোৱালক আদৰিবলৈ সাজু হৈছে বিজেপি দল। ১৯ আগষ্টত অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। ১৯,২০ আৰু ২১ আগষ্টত তিনিদিনীয়াকৈ আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব সোণোৱালে।

তিনিদিনীয়া আশীৰ্বাদ যাত্ৰাত অংশ ল’ব বন্দৰ, জাহাজ আৰু জলপথৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰথম দিনটোত সৰ্বানন্দ সোণোৱাল থাকিব গুৱাহাটীত, দ্বিতীয় নিশা নগাঁও আৰু তৃতীয় নিশা কাজিৰঙা আৰু তাৰ পাছত যোৰহাটলৈ যাব সোণোৱাল। এই আশীৰ্বাদ যাত্ৰাত ক’ভিড প্ৰ’ট’কল মানি চলি শিৱসাগৰলৈও যাব বুলি জনায় ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.