অৰুণাচল প্ৰদেশদুৰ্ঘটনা

অৰুণাচলত ভয়ংকৰ দুৰ্ঘটনা! গুৰুতৰভাৱে আহত ২৫ গৰাকী মহিলা

অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ অয়ানত সংগঠিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো

অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ অয়ানত ভয়ংকৰ পথ দুৰ্ঘটনা সংগঠিত হয়। আজি পুৱা প্ৰায় ৬:৩০ বজাত জোনাই মহকুমাৰ জোনকাৰেং, ৰাজাখানা অঞ্চলৰ পৰা অৰুণাচল প্ৰদেশৰ দঃঞি পল চাহ বাগানালৈ মহিলা শ্ৰমিক কঢ়িয়াই যোৱা AR 09 7093 নাম্বাৰৰ বাছ গাড়ী এখন অয়ানত ভয়ংৰ দুৰ্ঘটনা সংগঠিত হয়।

জানিব পৰা মতে, অয়ানত বিপৰিত দিশৰ পৰা অহা বলেৰো গাড়ীখনক পথ এৰি দিব যাওতে বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে। ফলত বাছত থকা প্ৰায় ২৫ গৰাকী মহিলা শ্ৰমিক গুৰুত্বৰভা আহত হয়। সংকটজনক অৱস্থাত থকা পাঁছ গৰাকী মহিলাক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ পেৰণ কৰা হৈছে। বাকী কেইগৰাকী অৰুণাচল ৰুকচিনৰ দ্বীপজনী নাৰ্চিংহোম আৰু জোনাই অসমাৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।

ইপিনে পথ দুৰ্ঘটনাত পতিত লোকসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াত অয়ানৰ গাওঁৰক্ষী বাহিনী, আদি মিচিং বানে কেবাং ছাত্ৰ সংগঠন আৰু স্থানীয় লোকসকলে প্ৰশাসনক সহায় কৰে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.