অসমখেলফটোবন্যপ্ৰাণী

সর্বভাৰতীয় ফটোগ্রাফী প্রতিযোগিতাত কৃতিত্ব পালে অসমৰ নৱঋষিয়ে

বিভিন্ন ৰাজ্যৰ ১০১ গৰাকী প্রতিযোগীৰ ভিতৰত নৱঋষিয়ে লাভ কৰিলে দ্বিতীয় স্থান

সর্বভাৰতীয় ফটোগ্রাফী প্রতিযোগিতাত কৃতিত্ব পালে অসমৰ নৱঋষিয়ে।

  সর্বভাৰতীয় পর্যায়ৰ স্থিৰচিত্র প্রতিযোগিতাত অসমৰ এগৰাকী কিশোৰে বিশেষ কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হৈছে৷ এটা দুষ্প্রাপ্য চৰাইৰ ফটোৰ বাবে তেওঁ সর্বভাৰতীয় পর্যায়ৰ প্রতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিবলে সক্ষম হয়।

  কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ ঘন অৰণ্যত কিশোৰগৰাকীৰ কেমেৰাৰ লেন্সত বন্দী কৰিছিল এই দুষ্প্রাপ্য চৰাইটো।  

  মহানগৰীৰ ছাই আৰ এন এছ একাডেমীৰ দ্বাদশ শ্রেণীৰ ছাত্র নৱঋষি বৰাৰ এই কৃতিত্বই ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷

  উল্লেখ্য যে, জি ভি পণ্ট নেচনেল ইনষ্টিটিউট অৱ হিমালয়ান এনভাইৰনমেণ্টৰ ইটানগৰৰ উত্তৰ–পূব কেন্দ্র আৰু অৰুণাচল প্রদেশ বিজ্ঞান কেন্দ্রই যোৱা ২২ মে’ত এক ৰাষ্ট্রীয় প্রতিযোগিতাৰ আয়োজন কৰিছিল৷ জৈৱ–বৈচিত্র্যৰ আন্তঃৰাষ্ট্রীয় দিৱস আৰু ভাৰত অমৰুত মহোৎসৱৰ লগত সংগতি ৰাখি বায়’ডাইভার্ছিটী অৱ নর্থ ইষ্ট ইণ্ডিয়া শীর্ষক স্থিৰচিত্র প্রতিযোগিতা অনুষ্ঠিত কৰা হৈছিল৷

  প্রতিযোগিতাত বিভিন্ন ৰাজ্যৰ ১০১ গৰাকী প্রতিযোগীয়ে অংশগ্রহণ কৰিছিল৷ তাৰ ভিতৰত নৱঋষিয়ে এটা ৰোমাঞ্চকৰ মুহূর্তত ধনেশ পক্ষী কেমেৰাত বন্দী কৰি দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।  

  পুৰস্কাৰ হিচাপে নৱঋষিয়ে লাভ কৰিছে প্রশস্তি পত্র আৰু নগদ ধন৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.