Socialঅসম

মাক-দেউতাক, শাহু-শহুৰ থকা চৰকাৰী কৰ্মচাৰীৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

প্ৰত্যেক বৰ্ষৰ ৬,৭ জানুৱাৰীত চৰকাৰী কৰ্মচাৰীয়ে পাব এই অতিৰিক্ত ছুটী। আনহাতে, ৮,৯ জানুৱাৰীত দুদিন ছুটী পাব একাংশ কৰ্মচাৰীয়ে।

বুধবাৰে বঙাইগাঁৱত অনুষ্ঠিত হ’ল ৰাজ্যিক কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে সংবাদমেল। এই সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ।

এই গুৰুত্বপূৰ্ণ ঘোষণাৰ ভিতৰত অন্যতম-চৰকাৰী চাকৰিয়ালে পাবলগীয়া বিশেষ ছুটী। পিতৃ-মাতৃ থকা চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব এক বিশেষ ছুটী। কৰ্মচাৰীসকলে ৪ দিনৰ বাবে চৰকাৰী ছুটী লাভ কৰিব। প্ৰত্যেক বৰ্ষৰ ৬,৭ জানুৱাৰীত চৰকাৰী কৰ্মচাৰীয়ে পাব এই অতিৰিক্ত ছুটী। আনহাতে, ৮,৯ জানুৱাৰীত দুদিন ছুটী পাব একাংশ কৰ্মচাৰীয়ে।

পিতৃ-মাতৃৰ কাষত থাকিবলৈ এই বিশেষ ছুটী ঘোষণা মুখ্যমন্ত্ৰীৰ। এইকেইদিন পিতৃ-মাতৃৰ সৈতে সময় কটাব লাগিব কৰ্মচাৰীয়ে। আনহাতে, পিতৃ-মাতৃ অথবা শাহু-শহুৰ নথকা চৰকাৰী কৰ্মচাৰীয়ে নাপাব অতিৰিক্ত ছুটী। মন্ত্ৰীসকলেও ল’ব পাৰিব অতিৰিক্ত ছুটী। অৱশ্যে আৰক্ষীৰ লোকে নাপাব এনে ছুটী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + seventeen =

Back to top button