অসমগুৱাহাটীদৈনিক বাতৰিধৰ্মীয়ধাৰ্মিকভাৰতসংস্কৃতি

সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ মাজুলীৰ ঐতিহাসিক নতুন কমলাবাৰী সত্ৰৰ ভিতৰত গৃহ-কণ্ডল

সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ মাজুলীৰ ঐতিহাসিক নতুন কমলাবাৰী সত্ৰৰ ভিতৰত গৃহ-কণ্ডল। দুটা ভাগত বিভক্ত হৈছে সত্ৰৰ বৈষ্ণৱ। অন্তঃকন্দলত জৰ্জৰিত নতুন কমলাবাৰী সত্ৰ। সত্ৰৰ পৰিচালনা সমিতিয়ে সকলো ভকত বৈষ্ণৱ এক হৈ সত্ৰ নিত্য নৈমিত্তিক কৰ্ম সমূহ চলাই নিয়াত এক মত যদিও একাংশ ভকত কিন্তু একে লগে সত্ৰ নিত্য নৈমিত্তিক কৰ্ম নকৰো বুলি বদ্ধ পৰিকৰ। প্ৰয়াত সত্ৰাধিকাৰ নাৰায়ন চন্দ্ৰ গোস্বামীৰ মৃত্যুৰ সময়ত একেলগ হৈছিল সত্ৰৰ যিকোনো সামাজিক ধৰ্মীয় কাম কাজৰ বাবে। কিন্তু পৰিতাপৰ বিষয় সত্ৰাধিকাৰগৰাকীৰ মৃত্যুৰ ১ বছৰৰ পিছতেই পূনৰ দুটা ভাগত বিভক্ত হৈছে সত্ৰৰ বৈষ্ণৱসকল। মাজুলী জিলা প্ৰশাসনে বিষয়টো হস্তক্ষেপ কৰিছে যদিও প্ৰশাসনৰ কথাকো গুৰুত্ব নিদিয়ে একাংশ ভকত-বৈষ্ণৱে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি মাজুলীত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.