অসমদৈনিক বাতৰি

নিমাতী ঘাটৰ নাও দুৰ্ঘটনাই উদঙাইছে জল পৰিবহন ব্যৱস্থাৰ ফোপোলা স্বৰূপ

ফেৰী সমূহতো নাই যাত্ৰী অনুসাৰে লাইফ জেকেট, নাই লাইফ টিউব

নিমাতী ঘাটৰ নাও দুৰ্ঘটনাই জল পৰিবহন ব্যৱস্থাৰ ভয়াবহ ছবিখন উদঙাই দিছে।

নিমাতী নাও দুৰ্ঘটনাত কোনোমতে প্ৰাণ ৰক্ষা কৰা একাধিক ব্যক্তিয়ে বৃহস্পতিবাৰে শিৱসাগৰ টেকেলীফুটা ঘাটেৰে মাজুলী, ঢকুৱাখানা আদি ঠাইলৈ বুলি ৰাওনা হৈছে।

শিৱসাগৰ দিচাংমুখৰ ব্ৰহ্মপুত্ৰৰ টেকেলীফুটা ঘাটটো একেই পৰিৱেশ। বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে জল পৰিবহন ব্যৱস্থাক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছে।

লক্ষ্যণীয় যে টেলীফুটা ঘাটেৰে পাৰ হোৱা ফেৰী সমূহতো নাই যাত্ৰী অনুসাৰে লাইফ জেকেট , নাই লাইফ টিউব। তাৰোপৰি টেঙেলী ফুটা ঘাটটোত ফেৰীসমূহত কিমান যাত্ৰী অহা যোৱা কৰে তাৰ কোনো ৰেজিষ্টাৰ মেইন্টেইন কৰা নহয়।

কেৱল ইমানেই নহয়, দিচাংমুখত থকা জল পৰিবহন বিভাগৰ শাখা কাৰ্যালয়ত নিয়মীয়া কতব্যটো কৰ্মচাৰী সকলে উপস্থিত নাথাকে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.