আন্তঃৰাষ্ট্ৰীয়প্ৰযুক্তিভাৰতৰাষ্ট্ৰীয় সুৰক্ষা

সমুদ্ৰৰ বুকুত ভাৰতে ৰচিলে ইতিহাস। ভাৰতীয় নৌ-সেনাৰ শক্তিত নৱ সংযোজন INS বিক্ৰান্ত

কেৰালাৰ কোচিনত প্ৰধানমন্ত্ৰী মোদীয়ে অভিষেক ঘটালে INS বিক্ৰান্তৰ

INS বিক্ৰান্ত হৈছে ভাৰতৰ নৌ সেনাৰ ইতিহাসৰ সৰ্ববৃহৎ যুদ্ধ জাহাজ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ কোছিন শিপইয়ৰ্ড লিমিটেডত মুকলি কৰে সৰ্বশক্তিমান পৰিবাহী স্বদেশী যুদ্ধ জাহাজ INS বিক্ৰান্ত। ২১শতিকাৰ ভাৰতীয়ৰ কষ্ট আৰু সাধনাৰ ফল INS বিক্ৰান্ত ভাৰতৰ প্ৰথমখন স্বদেশী বিমান বাহক।

 

ভাৰতৰ নৌ সেনাক INS বিক্ৰান্ত অৰ্পন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, ‘এতিয়ালৈকে এনে বিমান বাহক কেৱল উন্নত দেশসমূহে হে নিৰ্মাণ কৰিছিল। ভাৰতে এখন উন্নত দেশ হোৱাৰ দিশত আন এক পদক্ষেপ লৈছে। এবছৰৰ পৰীক্ষণৰ পিছত প্ৰধানমন্ত্ৰী মোডীয়ে আজি নৌসেনাক অৰ্পন কৰে INS বিক্ৰান্ত।

 

২০ হাজাৰ কোটি টকাৰ ব্যয়ত প্ৰস্তুত হোৱা INS বিক্ৰান্ত অত্যাধুনিক সুবিধাৰে সজ্জিত। ২৬২ মিটাৰ দীঘল আৰু ৬২ মিটাৰ বহল ভাৰতত নিৰ্মাণ হোৱা অত্যাধুনিক যুদ্ধ জাহাজ INS বিক্ৰান্তৰ ওজন ৪৫০০০ টন। INS বিক্ৰান্তত আছে ১৬০০ নৌসেনা থাকিব পৰা ২২০০ টা ৰুম। লগতে জাহাজখনত ১ ঘণ্টাত ১৬০০ জন ব্যক্তিৰ বাবে খাদ্য প্ৰস্তুত কৰিব পৰা সুবিধা আছে। বিক্ৰান্তত আছে ৩২ টাকৈ ২ টায়াৰ মিছাইল লগতে MIG-29, MS-60 ৰ দৰে বিমান মজুতৰ সুবিধা আছে। জাহাজখনত মান্টি স্পেচিয়েল হাস্পাতালৰ সুবিধা থকাৰ উপৰি আছে ICUৰ সুবিধা।

 

এবাৰ ইন্ধন ভৰাই ৪৫ দিনলৈকে সাগৰত থাকিব পাৰে বিক্ৰান্তত। লগতে বিক্ৰান্তই প্ৰতি ঘণ্টাত ৫২ কিলোমিটাৰ বেগেৰে গতি কৰিব পাৰিব। ভাৰত-প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰ অঞ্চলত শান্তি আৰু স্থিৰতা নিশ্চিত কৰাত অৰিহণা যোগাব INS বিক্ৰান্তে।

 

নৱেম্বৰত আৰম্ভ হ’ব INS বিক্ৰান্তৰ গ্ৰাউণ্ডিং পৰীক্ষণ আৰু ২০২৩ চনৰ মাজভাগত সম্পূৰ্ণ হ’ব। INS বিক্ৰান্তক সাজু কৰিবলৈ প্ৰয়োজন হৈছিল ১৩ বছৰৰ।

INS বিক্ৰান্তৰ মুকলি অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাজ্যৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন, ৰাজ্যপাল আৰিফ মহম্মদ খান আৰু মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.