অসমভাৰত

সন্ধানহীন সেনাৰ সজীৱ মৃতদেহ উদ্ধাৰ হ’ল ১৬ বছৰ পিছত

উত্তৰাখণ্ডৰ হিমালয়ত পতাকা উৰুৱাবলৈ গৈ বৰফত আৱদ্ধ হৈছিল সেনাগৰাকী

ভাৰতীয় সেনাৰ মৃতদেহ উদ্ধাৰ হ’ল ১৬ বছৰ পিছত।
২০০৫চনৰ ২৩ ছেপ্টেম্বৰত দ’ খাৱৈত পৰি অমৰীশ ত্যাগী নামৰ সেনা গৰাকী বৰফৰ মাজত আৱদ্ধ হৈ মৃত্যুবৰন কৰিছিল।
২০০৫ চনত অমৰীশে উত্তৰাখণ্ডৰ হিমালয়ত পতাকা উৰুৱাবলৈ গৈ দলৰ সৈতে উভতি আহি থাকোতে ঘটে এই দুৰ্ঘটনা।
১৬ বছৰ পিছত সেনা গৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। বৰফৰ ভিতৰত থকাৰ বাবেই মৃতদেহটো সজীৱ হৈ আছে ১৬ বছৰ পাছতো। মৃতদেহটো আজি অনা হ’ব গাজিয়াবাদলৈ।
আচৰিত কথাটো হ’ল যে, পৰ্বতোৰোহী সেনা গৰাকীৰ মৃতদেহ সেই দিনটোতেই উদ্ধাৰ হয় যিটো দিনত ১৬ বছৰ পূৰ্বে তেওঁ বৰফত সমাধিষ্ঠ হৈ পৰিছিল।
২০০৫ চনত বৰফৰ মাজত আৱদ্ধ হোৱা ৪ জন সৈনিকৰ ভিতৰত ৩ জনৰ মৃতদেহ উদ্ধাৰ হৈছিল যদিও সন্ধানহীন হৈ আছিল অমৰীশ। ১৬ বছৰ পিছত ২০২১ চনৰ ২৩ ছেপ্টেম্বৰত বৰফ গলাৰ ফলত উদ্ধাৰ হয় অমৰীশৰ মৃতদেহ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × five =

Check Also
Close
Back to top button