আন্তঃৰাষ্ট্ৰীয়খেল

বিদায় কিংবদন্তী! শ্বেন ৱাৰ্নৰ পিছে পিছেই গুচি গ’ল প্ৰাক্তন ক্ৰিকেটাৰ এণ্ড্ৰিউ ছাইমণ্ডছ…

উল্লেখ্য যে, ৪৬ বছৰীয়া এণ্ড্ৰিউ ছাইমণ্ডছে ১৯৯৮ চনৰ পৰা ২০০৯ চনলৈকে মুঠ ২৬খন খেল আৰু ১৯৮খন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট খেলিছে।

দুঃখবৰে যেন লগ এৰা নাই অষ্ট্ৰেলিয়াৰ ক্ৰিকেট জগতৰ। কিংবদন্তী খেলুৱৈ শ্বেন ৱাৰ্নৰ পিছতেই মৃত্যুক সাবটিলে অল ৰাউণ্ডাৰ ক্ৰিকেটাৰ এন্ড্ৰিউ ছাইমণ্ডছে।

 

এক পথ দুৰ্ঘটনাত মৃত্যুক সাবটি লয় ৪৬ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে। শনিবাৰে নিশা গৃহচহৰ কুইন্সলেণ্ড চহৰত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ সময়ত বাহনখনত অকলেই আছিল খেলুৱৈগৰাকী। নিশা ১১ বজাৰ পাছত সংঘটিত হয় এই ঘটনা। এন্ড্ৰিউ ছাইমণ্ডেছে চলাই যোৱা বাহনখন ৰাস্তাৰ পৰা আঁতৰি বাগৰি পৰাৰ বাবে গুৰুতৰভাৱে আহত হৈ অৱশেষত মৃত্যুক সাবটি লয় খেলুলৈগৰাকীয়ে। এই খবৰে স্বাভাৱিকতে দুখৰ ছাঁ পেলাইছে ক্ৰীড়া জগতত। প্ৰিয় খেলুৱৈগৰাকীক হেৰুৱাই শোকত ভাগি পৰিছে অনুৰাগী।

 

উল্লেখ্য যে, ৪৬ বছৰীয়া এণ্ড্ৰিউ ছাইমণ্ডছে ১৯৯৮ চনৰ পৰা ২০০৯ চনলৈকে মুঠ ২৬খন খেল আৰু ১৯৮খন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট খেলিছে। তেওঁ আছিল দুবাৰৰ বিশ্বকাপ বিজয়ী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.