ৰাজনৈতিক

অশান্ত আফগানিস্তান! ভয়াবহ পৰিস্থিতিৰ বাবে জ’ বাইডেনক জগৰীয়া আফগানী নাগৰিকৰ

সলনি হ'ব নাম?

আমেৰিকাৰ হোৱাইত হাউচৰ বাহিৰত তীব্ৰ প্ৰতিবাদ আফগান নাগৰিকৰ। ৰাষ্ট্ৰপতি বাইডেনৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে। আফগানিস্তানৰ সাম্প্ৰতিক ভয়াবহ পৰিস্থিতিৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনক জগৰীয়া কৰিছে আমেৰিকাত থকা আফগানী নাগৰিকসকলে।

মাৰ্কিন ৰাষ্ট্ৰপতিয়ে এই সংবেদনশীল বিষয়টোত যথোচিত গুৰুত্ব নিদিয়া বাবেই তালিবানে অনায়াসে ৰাজধানী কাবুলসহ সমগ্ৰ আফগানিস্তান দখল কৰা বুলি জ’ বাইডেনক জগৰীয়া কৰিছে। মাৰ্কিন ৰাষ্ট্ৰপতিয়ে সময় মতে ব্যৱস্থা গ্ৰহণ কৰা হ’লে তালিবানে আফগানিস্তান দখল কৰিবলৈ সক্ষম নহ’লেহেঁতেন বুলি মন্তব্য কৰে প্ৰতিবাদী আফগান নাগৰিকসকলে। মাৰ্কিন ৰাষ্ট্ৰপতিয়ে আফগানিস্তানক প্ৰতাৰণা কৰা বুলি তেওঁলোকৰ অভিযোগ।

আশ্ৰফ ঘানী চৰকাৰক ওফৰাই আফগানিস্তান তালিবানে দখল কৰাৰ পিছত সমগ্ৰ দেশজুৰি এতিয়া সৃষ্টি হৈছে শংকা আৰু আতংক। তালিবানী নীতিৰে দেশ শাসনৰ প্ৰস্তুতি চলোৱাৰ সময়তে তালিবানক লৈ শংকিত হৈ পৰিছে সমগ্ৰ দেশবাসী।

দেশখনত থকা আন বিদেশী ৰাষ্ট্ৰৰ নাগৰিকসকলো নিৰাপত্তাহীনতাত ভুগিছে। ভাৰতকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ নাগৰিকে আফগানিস্তান ত্যাগৰ বাবে তৎপৰ হৈ পৰিছে যদিও দেওবাৰৰ পৰা বিমানবন্দৰলৈ ঢাপলি মেলিছে যদিও সাময়িকভাৱে বিমান চলাচল বন্ধ কৰি দিয়া হৈছে। ফলত বিমান বন্দৰৰ ভিতৰতে আৱদ্ধ হৈ পৰিছে বিভিন্ন দেশৰ হেজাৰ হেজাৰ নাগৰিক।

কেৱল সাধাৰণ নাগৰিকেই নহয় আফগানিস্তানত নিৰাপত্তহীনতাত ভুগিছে উচ্চপদস্থ বিষয়া আৰু ৰাজনৈতিক নেতাসকলো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − seven =

Back to top button