খেল

১০ জানুৱাৰীত বর্ষাপাৰাত হব ভাৰত শ্ৰীলংকাৰ হাইভল্টেজ মেচ।

গুৱাহাটীত উপস্থিত টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা।

মাজত মাত্ৰ এটা দিন। ১০ জানুৱাৰীত বর্ষাপাৰাত হব ভাৰত শ্ৰীলংকাৰ হাইভল্টেজ মেচ। ইতিমধ্যে এদিনীয়া আন্তৰাষ্ট্ৰীয় মেচক লৈ সম্পূৰ্ণ সাজু বর্ষাপাৰা ষ্টেডিয়াম। গুৱাহাটীত উপস্থিত টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা। ৰোহিতৰ সৈতে আহিছে বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোড়। তাৰকা ক্ৰিকেটাৰেৰে ভৰি পৰিছে গুৱাহাটী। বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ,যশপ্ৰীত বুমৰাহ, কে এল ৰাহুলো উপস্থিত গুৱাহাটীত। পৃথকে পৃথকে গুৱাহাটী পালে মহম্মদ ছামি, মহম্মদ চিৰাজ । নিশাৰ ভাগত গুৱাহাটীত উপস্থিত হব ভাৰত আৰু শ্ৰীলংকাৰ দলৰ অন্য খেলুৱৈসকল। ৰাজকোটৰ পৰা পোনে পোনে গুৱাহাটীলৈ একেখন বিমানতে আহিব দুয়োটা দলৰ খেলুৱৈ আৰু হোটেল ৰেডিচন ব্লুত থাকিব খেলুৱৈসকল। বৰ্তমান বর্ষাপাৰাত কটকটীয় নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। ষ্টেডিয়ামৰ চৌপাশে আৰক্ষী-নিৰাপত্তাৰক্ষী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.